ৰাজকুমাৰী সাধু

0
ৰাজকুমাৰী আৰু সোণালী চৰাই

সুখবৰ্মন এগৰাকী বৰ উদাৰ আৰু ন্যায়পৰায়ণ ৰজা আছিল। তেওঁৰ সুহাসিনী নামে এজনী ছোৱালী আছিল, যাক তেওঁ বৰ ভাল পাইছিল। তাই বৰ ৰাংঢালী ছোৱালী আছিল। তাইৰ হাঁহিত গোটেই ৰাজকাৰেং ৰজন জনাই থাকিছিল। গোটেই ৰাজ্যখনত সদায় সুখ আৰু আনন্দ‌ই বিৰাজ কৰিছিল।

এবাৰ,  ৰাজসভা চলি থাকোতে, ওচৰৰ আন এখন ৰাজ্যৰ পৰা এজন কটকী ৰাজসভাত উপস্থিত হ'ল। তেওঁ ৰজাক সম্ভাষণ জনাই ক'লে, "মহাৰাজ, আমাৰ ৰাজ্যৰ ৰজা প্ৰতাপবৰ্মনে পৃথিৱীৰ এটা অনন্য বস্তু আপোনাক উপহাৰ হিচাপে দিবলৈ মনস্থ কৰিছে। এয়া তেওঁৰ আন্তৰিক ইচ্ছা। অনুগ্ৰহ কৰি আপোনাৰ মনৰ ভাব মোৰ আগত ব্যক্ত কৰক।"

ৰজা সুখবৰ্মনে ক'লে, "যদি তোমাৰ ৰজাই মোক কিবা উপহাৰ দিবলৈ ইচ্ছা কৰিছে, তেন্তে তেওঁক এনেকুৱা এটা বস্তু উপহাৰ দিবলৈ কবা, যিটোৱে মোৰ ছোৱালীজনীৰ মনত আনন্দ দিয়ে।"



কটকী জন ওভতি গৈ ৰজা সুখবৰ্মনৰ মনৰ ইচ্ছাৰ কথাখিনি  নিজৰ ৰজাজনক ক'লে। বিভিন্ন উৎসৰ পৰা ৰজা প্ৰতাপবৰ্মনে জানিবলৈ পালে যে ৰজা সুখবৰ্মনৰ জীয়েকে জীৱ জন্তু আৰু চৰাই চিৰিকতি বৰ ভাল পায়। ৰজাই ৰাজকুমাৰীৰ চৰাইৰ প্ৰতি থকা মৰমৰ কথা জানি তেওঁ এটা সোণৰ সজাৰ ভিতৰত সোণালী চৰাই এটা ৰজা সুখবৰ্মনলৈ প্ৰেৰণ কৰিলে।

ৰজা সুখবৰ্মণে সোণালী চৰাইটো দেখি বৰ ভাল পালে। তেওঁ ৰজা প্ৰতাপবৰ্মনক ইমান ধুনীয়া অমূল্য চৰাইটো দিয়াৰ বাবে ধন্যবাদ জনলে। ৰাজকুমাৰী সুহাসিনীয়ে সোণালী চৰাইটো দেখি অতিশয় আনন্দিত হ'ল। তাইৰ আলপৈচান ধৰা মানুহ এজনীয়ে সজাৰ পৰা চৰাইটো উলিয়াই তাইৰ হাতত দিলে। ৰাজকুমাৰীয়ে কিছু সময় চৰাইটোৰ লগত খেলিলে আৰু পুনৰ চৰাইটো সজাটোয় ভিতৰত থৈ দিলে। এনেকৈ যেতিয়াই তাই চৰাইটোৰ লগত খেলিবলৈ ইচ্ছা কৰে‌, পৰিচালিকা এজনীয়ে চৰাইটো তাইৰ হাতত তুলি দিয়ে আৰু খেলাৰ শেষত পুনৰ সজাটোৰ ভিতৰত থৈ দিয়ে। এনেদৰে সুহাসিনী আৰু চৰাইটো ভাল বন্ধু হৈ গ'ল। 

কিন্তু কেইদিনমান পিছত চৰাইটোৱে ৰাজকুমাৰীৰ লগত খেলিবলৈ এৰি দিলে। ৰাজকুমাৰীয়ে চৰাইটোৰ আওভাও দেখি অসন্তুষ্ট হ'ল। তাই পৰিচালকাজনীক ক'লে, "চোৱাছোন চৰাইটোৱে দেখোন মোৰ লগত নেখেলা হ'ল।"

পৰিচাৰিকা জনীয়ে ক'লে, "ৰাজকুমাৰী, আমি যেনেকৈ মুকলি ঠাইত ফুৰি ভাল পাওঁ, ঠিক তেনেকৈ সিহঁতেও মুকলিকৈ থাকিবলৈ ইচ্ছা কৰে।"
তাৰপিছত ৰাজকুমাৰীয়ে পৰিচালিকা জনীক চৰাইটোৰে সৈতে সজাটো তাইৰ কোঠাৰ পৰা  বাহিৰ কৰি বাগিচাত থবলৈ ক'লে। মুকলি বতাহ পাই চৰাইটোৱে পুনৰ ৰাজকুমাৰীৰ লগত খেলি, কলকলাবলৈ ধৰিলে।

কিন্তু চৰাইটোৱে  পুনৰ মনে মনে থাকিবলৈ ধৰিলে। তাই খেলাধূলা, গান গোৱা আদি একেবাৰে এৰি দিলে। সুহাসিনীয়ে পুনৰ পৰিচালিকা জনীক চৰাইটোৱে কিয় এনে আচৰণ কৰিছে সুধিলে। পৰিচালিকা জনীয়ে ক'লে, "শুনা ৰাজকুমাৰী, চৰাইটোৱে আৰু সজাত থাকিবলৈ একেবাৰে ভাল পোৱা নাই। তাই এতিয়া মুকলি আকাশত উৰি ফুৰিব খোজে।" কিন্তু সুহাসিনীয়ে পৰিচালিকা জনীৰ কথাত গুৰুত্ব নিদিলে। তাই ভয় খালে যে যদি সজাটো খুলি দিয়ে, সোণালী চৰাইটো একেবাৰে উৰি গুচি যাব আৰু কেতিয়াও উভতি নাহিব। কিন্তু এদিন  সুহাসিনীয়ে সোণৰ সজাটো চাই দেখিলে যে সোণালী চৰাইটো মৰি আছে। তাই এইটো দেখি বৰ বিচলিত হ'ল আৰু মনৰ দুখত তাইৰ মুখৰ হাঁহিটো হেৰাই গ'ল।

তাইৰ দেউতাক, ৰজা সুখবৰ্মনে জীয়েকৰ এনে অৱস্থা দেখি বিহ্বল হৈ পৰিল।  তেওঁ ৰাজ্যৰ বিখ্যাত যাদুকৰজন মাতি আনি ক'লে, "আপোনাৰ যাদুৰ বলত অনুগ্ৰহ কৰি এই চৰাইটো জীয়াই দিয়ক। তেতিয়াহে মোৰ জীয়ৰীৰ হেৰুৱা সুখ উভতি আহিব।"  যাদুকৰ জনে ক'লে, "মহাৰাজ, মোক ক্ষমা কৰি দিব, মোৰ দ্বাৰা এইটো সম্ভৱ নহ'ব। কিন্তু যদি আপুনি এইধৰণৰ একে চৰাই এটা আনিব পাৰে তেন্তে  ৰাজকুমাৰীৰ মুখৰ হাঁহি পুনৰ ঘূৰি আহিব।" ৰজাই চিকাৰী কেইজনক একেই ধৰণৰ সোণালী চৰাই এটা আনিবলৈ হুকুম দিলে যদিও সেই চেষ্টা বিফল হ'ল। তেতিয়া তেওঁ ৰজা প্ৰতাপবৰ্মনক আগতে দিয়া সোণালী চৰাইটোৰ নিচিনা একে এটি চৰাই পুনৰ দিবলৈ অনুৰোধ কৰিলে। ৰজা প্ৰতাপবৰ্মনে আন এটা সোণালী চৰাই তেওঁক দিলে। ৰজা সুখবৰ্মনে চৰাইটো আগৰ সোণৰ সজাটোত থৈ জীয়েকক ক'লে, "চোৱা মাজনী, তোমাৰ চৰাইটো পুনৰ জী উঠিল।"

 ৰাজকুমাৰীয়ে দুখ মনেৰে সজাটোৰ ফালে চালে,  কিন্তু চৰাইটো দেখি আনন্দত জপিয়াই দিলে। তাই ক'লে, "মৰমী চৰাইজনী, তুমি নথকাৰ বাবে ম‌ই যে কিমান দুখী আৰু অকলশৰীয়া হৈ গৈছিলো তুমি জানানে?  তোমাক জীৱন্ত দেখি মই মই বহুত সুখী হৈছো। আগৰ বাৰ তুমি মোৰ কাৰণেই জীৱন ত্যাগ কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া আৰু ম‌ই ইয়াৰ পুনৰাবৃত্তি হ'বলৈ নিদিওঁ। যদি তুমি মুক্ত আকাশৰ তলত উৰিব খোজা, তেন্তে তোমাক মই কেতিয়াও মানা নকৰো।" এইবুলি কৈ তাই সজাটোৰ দুৱাৰখন খুলি দিলে। চৰাইটো তাৰ পৰা ওলাই উৰা মাৰিলে। ৰাজকুমাৰীয়ে উৰি যোৱা চৰাইটো তাইৰ চকুৰ আতঁৰ নোহোৱালৈকে  একে থৰে চাই ৰ'ল। এতিয়া তাই আগতকৈ বেছি সুখী হ'ল।

Disclaimer. এই ৰাজকুমাৰী সাধু My Writing N My Cooking নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. sofiqulalom898.Gmail.Com


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাজকুমাৰী সাধু যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰাজকুমাৰী সাধু সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !