ভেকুলীৰ সাধু

0
পুৰণি কালত এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল । ধন, জন সকলো পিনৰেপৰা তেওঁলোক দুখীয়া আছিল । সতি সন্ততি নথকা বুঢ়া--বুঢ়ীয়ে এদিনাখন গাঁৱৰ ৰাইজৰ লগত জকাই পল' লৈ বিহুৰ সময়ত বিলত মাছ মাৰিবলৈ গ'ল । গঞা ৰাইজে ভাৰে ভাৰে মাছ পোৱাৰ বিপৰীতে বুঢ়া-বুঢ়ীয়ে এটাও মাছ ধৰিব নোৱাৰিলে । শেষত যেনিবা বুঢ়ীৰ জকাইত এটা নোদোকা ভেকুলী উঠিল । ভেকুলীটো দেখা পাই বুঢ়াৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ । ভেকুলীটোকে এসেকা দিয়াৰ মানসেৰে বুঢ়াই ভেকুলীটো ঘৰলৈ লৈ আহিল ।


        ঘৰলৈ আহি বুঢ়াই চোতালতে ভেকুলীটো পেলাই লৈ টাঙোন এডালেৰে মাৰিবলৈ ধৰোতেই ভেকুলীয়ে অতি কাতৰভাবে ক'বলৈ ধৰিলে, মোক মাৰি নেপেলাব , মই আপোনালোকক ঘৰৰ সকলো কামতে সহায় কৰি দিম । ভেকুলীৰ কথা শুনি বুঢ়াই ঠাট্টা কৰি ক'লে, এইটো চেহেৰাৰে তই মোক খেতি- বাতি কৰি খুৱাবি । বুঢ়াৰ কথা শুনি ভেকুলীয়ে পুনৰ ক'বলৈ ধৰিলে, মোক বিশ্বাস কৰক , মই আপোনাক সকলো কামতে সহায় কৰিব পাৰিম । ভেকুলীৰ কথামতে এইটোৱে কি কৰিব পাৰে দেখা যাওক বুলি মনতে ভাবি বুঢ়াই তাক নামাৰি ঘৰত ৰাখি থ'লে ।  পিছদিনা ৰাতিপুৱাই ভেকুলীক হাল বাবলৈ পঠিয়াই দিলে । ভেকুলীয়ে বুঢ়াৰ পথাৰত হাল বাই উঠি সুন্দৰকৈ আলি দিবলৈ ধৰিলে । সেই সময়তে ৰজাই ফুৰিবলৈ আহি পাৰিসদবৰ্গক লগত লৈ ভেকুলীয়ে চাহ কৰি থোৱা মাটিডৰাৰ ওপৰেদিয়েই আলি ভাঙি মহতিয়াই যাবলৈ ধৰিলে । তাকে দেখি ভেকুলীয়ে খঙতে ৰজাৰ মানুহক গালি পাৰিবলৈ ধৰিলে । ৰজাৰ মানুহে কোনেনো গালি পাৰিছে বিচাৰেহে বিচাৰে, কিন্তু গৰুহালৰ বাদে তাত কোনো মানুহ দেখা নাপাই খঙতে গৰুহালকে লৈ গুচি গ'ল । 

            ভেকুলীয়ে ঘৰলৈ আহি বুঢ়া বুঢ়ীক সকলো কথা বিবৰি ক'লে আৰু বুঢ়ীক খুজি এদোন মাহ গোটকৰাই লৈ গৰুহাল উভটাই আনিবলৈ গ'ল । বাটত যাওঁতে বাঘ, সিংহ, ভালুক, বান্দৰ, শিয়াল সকলোৱে ভেকুলীৰ পৰা মাহ গোটকৰাই খাবলৈ পাই ভেকুলীৰ পাছে পাছে যাবলৈ ধৰিলে । আনকি মৌ, কোদো,বৰল আদিও ভেকুলীৰ লগ হ'ল । ৰাজভৱনৰ পদূলিত থিয় হৈ ভেকুলীয়ে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ৰজাই মোৰ গৰু ভালে ভালে ঘূৰাই দিব,নে মোৰ সৈতে যুজঁ কৰিব । তাৰ উত্তৰত ৰজাইও যুজঁ দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগেই ভেকুলীৰ সৈন্য আৰু ৰজাৰ সৈন্যৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হয় । যুদ্ধত দুই ৰাজপুত্ৰ সহিতে ৰজাৰ অলেখ সৈন্য নিহত হ'ল । শেষত উপায় নাপাই ৰজাই ভেকুলীৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক । মই আপোনাক অৰ্ধৰাজ্য প্ৰদান কৰিম । এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰি দি অৰ্ধৰাজ্য লাভ কৰি ৰজাৰ লগতে থকাটোকে থিৰাং কৰিলে । কৈইদিনমানৰ পাছত বুঢ়া বুঢ়ীকো ৰাজপ্ৰসাদলৈ আনি ভেকুলীয়ে বহু বছৰ সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিলে ।

Disclaimer. এই ভেকুলীৰ সাধু My Writing N My Cooking নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. sofiqulalom898.Gmail.Com


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ভেকুলীৰ সাধু যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ভেকুলীৰ সাধু সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !