কাউৰী আৰু শিয়ালৰ সাধু

0
গছৰ ডালত কাউৰী এজনীয়ে মুখত লৈ থকা মঙহ খুতুৰা শিয়াল এটাই কেনে ছল-চাতুৰীৰে সৰকাই নি খালেগৈ সেই বিষয়ক কাহিনী এটা আমি কোন কেতিয়াবাতে কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ তেতিয়াই আমাৰ কোমলমতীয়া মনত ঘটনাটোৱে গভীৰভাৱে ৰেখাপাত কৰিছিল৷ লগতে প্ৰতিক্রিয়াৰো সৃষ্টি হৈছিল : ইমানযে ধূৰ্ত এই শিয়াল নামৰ চাৰিঠেঙীয়া জন্তুটো! সিহঁতৰ মূৰটো চাগৈ অনবৰত বুদ্ধিৰেই পোত খাই থাকে৷



পিছলৈ আমি ‘শিয়াল-বুদ্ধি’, ‘শিয়াল-কটকী’, ‘শিয়াল-পণ্ডিত’ আদি শব্দ কিছুমানো পাইছিলোঁ৷ মানুহ নামৰ প্ৰাণীবিধৰ ক্ষেত্ৰত দেখা শিয়ালসদৃশ ধূৰ্তালি বুজাবলৈকে এইজাতীয় শব্দসমূহ তেতিয়াও কৰা হৈছিল আৰু আজিকোপতিও আমাৰ ভাষাত সম্ভ্ৰমেৰে প্ৰয়োগ কৰি অহা হৈছে৷

পলিটিচিয়ান, মানে ৰাজনীতিক হেনো শিয়ালতকৈও ধূৰ্ত! হয়নে বাৰু কথাটো? সঁচা-মিছা হ’লে নাজানো৷ বাক্যটো ক’ত জানো পাইছিলোঁ, এই মুহূৰ্তত সেইটোও ঠিক ক’ব নোৱাৰিম৷ পাইছোঁ কিন্তু৷ আৰু পাইছোঁ যে এশটা শিয়াল মৰিলে হেনো এজন ৰাজনীতিকৰ জন্ম হয়৷ অৰ্থাৎ এজন ৰাজনীতিক হ’বলৈ হ’লে এশটা শিয়ালৰ সমান বুদ্ধি থাকিব লাগিব৷ ছল-চাতুৰীৰে ৰাইজৰ মুখৰ আহাৰ সৰকাই খোৱা ৰাজনীতিকৰ স্থান কাউৰীৰ মঙহ সৰকোৱা শিয়ালটোতকৈ দস্তুৰমত এশগুণ ওপৰত৷ কাজেই ৰাজনীতিকৰ বুদ্ধিৰ প্ৰখৰতাত সাধাৰণ প্ৰজাই ত্ৰাহি মধুসুধন সুঁৱৰিব লগা হয়৷ শিয়ালে তেতিয়া এজনী কাউৰীৰ পৰাহে সৰকাইছিল৷ তেনেকুৱা এশজনী কাউৰীৰ মুখৰ মঙহ অকলেই একে আষাৰতে সৰকাই খাই পেলাব পাৰে ৰাজনীতিক নামৰ দুঠেঙীয়া জীৱটোৱে৷ ইহঁতৰ মূৰটোহঁত শিয়াল-বুদ্ধিৰে ঠাহ খাই থাকে৷ ইহঁত শিয়ালৰ বংশধৰ৷ এনে ‘শিয়াল-পৰিয়ালৰ সদস্যসকলে মৰা হোৱাবিলাকহে এতিয়া সঘনাই ৰাইজে শুনা পায়৷ আচল শিয়ালৰ হোৱা শুনিবলৈকে নোহোৱা হ’ল৷

Disclaimer. এই অসমীয়া ভুতৰ সাধু My Writing N My Cooking নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. sofiqulalom898.Gmail.Com

ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ কাউৰী আৰু শিয়ালৰ সাধু যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কাউৰী আৰু শিয়ালৰ সাধু সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !