অসমীয়া ভুতৰ সাধু

0
অবিশ্বাস্য কিন্তু সঁচা মাঘৰ উৰুকাৰ ৰাতিটো ভয় নলগাকৈ, উদ্বিগ্ন নোহোৱাকৈ পাৰ হোৱা প্ৰায় বিছ বছৰ হ'ল ৷কিন্তু এতিয়া ও মনত পৰিলে গা সিৰ্ সিৰাই যায় ৷তেজ উতলি উঠে ৷বিহুৰ দিনাৰ পুৱাৰ কুৱঁলীজাক দেখিলে আমাৰ আজলী আয়ে উচুপি উঠা যেন লাগে  ! এটা কথাই  ভাৱোঁ  , তেতিয়াও যদি টিভি চেনেলবোৰ থাকিলহেতেন আৰু গাঁৱৰ চূকে-কোণে , দূৰ্গম ঠাইলৈ গৈ, দুঃসাহস কৰি লাইভ টেলিকাষ্ট কৰি দৰ্শকক প্ৰকৃত ঘটনাৰ সম্ভেদ দিব পৰাৰ ব্যৱস্থা থাকিলহেতেন, কি যে সকাহ পালোঁহেতেন  ! নাই, সেই সৌভাগ্য নাছিল তেতিয়া ৰাইজৰ, মানে বিহুকেন্দ্ৰিক সকলো ঘটনা-পৰিঘটনা সকলোৱে জানিব পৰাকৈ প্ৰচাৰ হোৱা বা  ভগাই ল'ব পৰাৰ সৌভাগ্যখিনি ৷দূখ লাগে ভাৱিলে  ! এতিয়াটো ভূত-প্ৰেত ৰ কাণ্ড -কাৰখানা স্বচক্ষে টিভি ত দেখোঁ ৷ভূতে শিল দলিওৱা, কাপোৰ জ্বলাই দিয়া ৰ দৰে ঘটনা দেখিছোঁ  !


যিকিনহওঁক, মই ক"ব খোজা কাহিনীটো হ"ল,  বহুবছৰৰ আগৰ কথা ৷এসময়ত আমাৰ ঘৰত মাঘৰ বিহুৰ উৰুকাৰ দিনা আৰু বহাগ বিহুৰ ৰাতি ভূতৰ উপদ্ৰৱ চলিছিল, তাকো মাজনিশা ৷ঘটনাবোৰ আছিল এনেধৰণৰ  ----উৰুকাৰ মাজনিশা আমাৰ ঘৰখন চাৰিওফালৰপৰা আগুৰি ভূতে নানা বিকট শব্দেৰে চিঞৰে, শিলগুটি মাৰে আৰু আমি পিচদিনা পুৱা দেখোঁ, ফুলনি -শাকনি তচ্ নচ্ ৷বেৰা ভঙা, ফল লগা গছ কটা - - -, মানে বিহুৰ ৰাতিপুৱাটো বিহ হৈ যোৱা দৃশ্য ৷কেবাবছৰো চলি থাকিল একে ঘটনা ৷অক্টোবৰ মানৰপৰা বহু যতনেৰে ৰোৱা ফুল, পাচলি জানুৱাৰীত জাতিষ্কাৰ হৈ পৰে আৰু সেয়া এৰাতিতে শেষ ৷কেইবছৰমান আমি ঘৰৰ ভূতৰ শিলগুটিত  গ্লাছ ভঙাৰ লগে লগে আৰক্ষীলৈ ফোন কৰোঁ, আৰক্ষী আহে লগে লগেই, কিন্তু ভূত তেতিয়া লুকাই যায়  ! একপ্ৰকাৰ নিৰুপায় অৱস্থা ৷ মাঘৰ বিহুৰ দিনটোলৈ একপ্ৰকাৰ মানসিকভাৱে প্ৰস্তুত হৈয়ে আমি ডাঙৰ হ'লোঁ ৷উপদ্ৰৱ নকমিল, বাঢ়িলহে ৷

বহু শুভাকাঙ্খীয়ে বহু পৰামৰ্শ দিলে ৷কিন্তু এগৰাকী আইতাৰ পৰামৰ্শ টো আমাৰ মনঃপুত হ'ল ৷
আইতাই ক'লে,  "সৱ বুজিছোঁ মই ৷মইও এসময়ত বেজালি শিকিছিলোঁ ৷সেইবোৰ অতৃপ্ত আত্মা ৷বহুত দূখ সিহঁতৰ ৷মাংসৰ গোন্ধ পালেই সিহঁত ৰ'ব নোৱাৰে  ৷মই তহঁতক মন্ত্ৰ এটা দিহে সিপুৰীলৈ যাম বুইছ ৷ কথাখিনি কৈ আইতাই এমোকোৰা হাঁহিলে ৷

মই ক"লোঁ, "আইতা  ,উৰুকাৰ দিনা আমিহে মাংস খাওঁনে  ? যে ভূতে আমাৰ ঘৰ সোমাবলৈহে চিঞৰে  ??" 

"কথা তাতেই, তহঁতৰ ঘৰত আকৌ ফুলসোপাও গোন্ধাই নহয়  ! কিছুমান ফুলৰ গোন্ধ পালে সাপ আহে, মৌমাখি আহে আৰু অতৃপ্ত আত্মাও আহে ৷" আইতাই ক'লে ৷

আইতাৰ কথা শুনি আমি অবাক ৷মোৰ নলে গলে লগা মানে একেবাৰে মোৰ গলতে অনবৰতে লাগি থকা শৈশৱৰ বান্ধৱী এগৰাকীয়েও আমাৰ উৰুকাৰ ভূতৰ উপদ্ৰৱৰ ওপৰত গৱেষণা কৰিছিল একপ্ৰকাৰ ৷কাৰণ, তেওঁলোকৰ ঘৰত সকলোৱেই বিশ্বৰ নানা বিষয় পাত পাত কৰি গৱেষণা কৰিছিল ৷
মই বান্ধৱীক ক'লোঁ, কি পালা কোৱাচোন, তুমিতো মোৰ সৱ কথাই বুজা  ! " 
তেওঁ যেনিবা খুব ব্যস্ত আছিল এবাৰ উৰুকাৰ সময়ত, তথাপি মোলৈ দীঘল চিঠি এখন লিখি জনালে, " আমাৰ বৌৱে গম পাইছে, তোমাৰ কবিতাবোৰ ইমান বেয়া হৈছে, সেয়ে ভূতে তোমালোকৰ ঘৰখনকে ভয় খুৱাইছে ৷এই ফাং-ফুং লেখা-তেখাবোৰ আজি মেজিৰ জুইত জাপি দিয়া ৷" ( তেওঁৰ বৌগৰাকীয়েও আকৌ মোক অতি মৰম কৰিছিল ৷তেওঁ অসমীয়া সাহিত্যৰ যিকোনো বিষয়ত  শেষ মন্তব্য  দিব পৰাকৈ বিদূষী  ) ৷
মই আৰু অন্তৰংগ বান্ধৱীৰ কথা শুনি ভূতৰপৰা পৰিত্ৰাণ পাবলৈ মোৰ অলস পাতল চিন্তাবোৰ মেজিত জাপি দিবলৈয়ে সাজু হ'লোঁ ৷

এফালে অনাখৰী বিজ্ঞ মৰমৰ আইতাৰ দিহা, আনফালে আকৌ আধুনিক মেধাৱী প্ৰিয় বান্ধৱী  ?? 
আইতাই একপ্ৰকাৰ ধম্ কি দিয়েই মোক ক'লে --কি পাগলী ঔ, গোটেই জীৱন কত ভূত খেদালোঁ, আৰু তই এতিয়া মোক বিশ্বাস নকৰ ৷ যা কাগজসোপা টেবুলত থৈ আহ ৷সৰস্বতী জ্বলাবলৈ নিদিওঁ ৷আজি তহঁতৰ আশে-পাশেও ভূত নহা মন্ত্ৰ টো শিকাম ৷ "

আইতাই মন্ত্ৰটো শিকাবলৈ লোৱাৰ আগনিশা উৰুকাত আমি  একতিল শোৱা নাই ৷এনেকুৱা লাগিছিল হয় ভূত নহয় আমি, কোনোবাটো আজি জুইত নোসোমালে ৰক্ষা নাই ৷ঠিক পুঁৱতিনিশা, কাৰো ফালে নোচোৱাকৈ মই ঘৰৰ পৰা বাটত ভৰি দিলোঁ ৷ভয়-ভীত, ঠাণ্ডা, সময়ৰ -শক্তিৰ একো জ্ঞান নাছিল ৷সঁচাকৈ ভূতৰ মূখামূখি হ'লো ৷মোক দেখি ভূত হতৰাক ৷তলমূৰকৈ যি অদৃশ্য হ'ল, হ'লেই ৷আজিলৈকে নাই ৷নাই চিঞৰ-বাখৰ বোৰো ৷

আইতাক ক'লোঁ, যি দেখিলোঁ সঁচানে ভ্ৰম বাৰু  ? 

আইতাই ক'লে, একদম সঁচা ভূতে যিকোনো ৰূপ ল'ব পাৰে ৷আহ, জুইৰ ওচৰত বহ, তোক জাৰি দিওঁ অকণমান, গাত কিবাকিবি লাগি থাকিব পাৰে ৷সেঙেটা পৰি গৈছ   ৷" 

মই হাঁহি হাঁহি ক"লোঁ, আইতা তুমি বহা, ভূত জৰাৰ মন্ত্ৰটো মইহে তোমাক শিকাই দিব পৰা হ'লোঁ ৷নে কি কোৱা  ? " 
আইতাই এমোকোৰা হাঁহি ভূতকিটাৰ নাম মাতি মাতি জুইত সৰিয়হ ছটিয়াই দিলে ৷

কথাবোৰ অবিশ্বাস্য হ"লেও চন্দ্ৰ -সূৰ্যৰ দৰেই সঁচা, আইতা সাক্ষী আছিল ৷

( মই জীৱনত যিকেইটা উৰুকা পাম, সেই প্ৰতিটো উৰুকাতে সেই ভূতৰ নাম লৈ আইতাই শিকোৱা মন্ত্ৰটো মাতি এমুঠি সৰিয়হ জুইত দিম  ৷)


Disclaimer. এই অসমীয়া ভুতৰ সাধু নূপুৰ হাজৰিকা নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. sofiqulalom898.Gmail.Com


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া ভুতৰ সাধু যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া ভুতৰ সাধু সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !