দ্ৰৌপদী মুৰ্মু জীৱনী – (জাতি, সম্পত্তি, বিবাহ) | President Draupadi Murmu Biography In Assamese

0
দ্ৰৌপদী মুৰ্মু জীৱনী

ভাৰতৰ প্ৰথম খিলঞ্জীয়া ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে দ্ৰৌপদী মুৰ্মু। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশ লৈছিল। আজি এই লেখাটোত আমি ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জীৱনী সম্পৰ্কীয় কেইবাটাও তথ্য লৈ আহিছো।
( Draupadi Murmu Biography In Assamese )

দ্ৰৌপদী মুৰ্মুৰ শৈশৱ জীৱন

১৯৫৮ চনৰ ২০ জুনত ভাৰতৰ ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ বাইদাপোছি গাঁৱত বীৰাঞ্চি নাৰায়ণ টুডুৰ ঘৰত দ্ৰৌপদী মুৰ্মুৰ জন্ম হয়। পিতৃ বীৰাঞ্চি নাৰায়ণ টুডু গাঁৱৰ মুৰব্বী হোৱাৰ বাবেই দ্ৰৌপদী মুৰ্মুক সৰুৰে পৰা ৰাজনীতিৰ লগত পৰিচয় কৰাই দিয়া হৈছিল। লগতে গাঁৱতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।

দ্ৰৌপদী মুৰ্মুৰৰ শিক্ষা

প্ৰাথমিক শিক্ষা সমাপ্ত কৰি কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ভুৱনেশ্বৰলৈ গুচি যায়। ভুৱনেশ্বৰৰ ৰামা দেৱী মহিলা মহাবিদ্যালয়ত যোগদান কৰি তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ওড়িশাৰ চৰকাৰী বিদ্যুৎ বিভাগত কনিষ্ঠ সহায়ক হিচাপে চাকৰি লাভ কৰে। ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈকে তেওঁ তাত কাম কৰিছিল। তাৰ পিছত ১৯৯৪ চনত ৰায়ৰাংপুৰৰ অৰবিন্দ অখণ্ড শিক্ষা কেন্দ্ৰত তিনি বছৰ শিক্ষক হিচাপে যোগদান কৰে।


দ্ৰৌপদী মুৰ্মুৰ বিবাহ

দ্ৰৌপদী মুৰ্মুৰ বিবাহ শ্যাম চৰণ মুৰ্মুৰ লগত হয়। দ্ৰৌপদী মুৰ্মু আৰু শ্যাম চৰণ মুৰ্মুৰ আছিল দুই পুত্ৰ আৰু এগৰাকী কন্যা। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ ২ জন পুত্ৰৰ মৃত্যু হয়।

দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন

১৯৯৭ চনত ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল। তেতিয়া ২০০০ চনৰ পৰা ২০০২ চনলৈ ওড়িশাৰ বাণিজ্য আৰু পৰিবহণ ৰাজ্যিক মন্ত্ৰী আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈকে মীন আৰু পশু সম্পদ উন্নয়ন মন্ত্ৰী আছিল। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ পদতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু

২০২২ চনৰ ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাস্ত কৰি দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম খিলঞ্জীয়া ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে অংশ লৈছিল দ্ৰৌপদী মুৰ্মুৱে। বিপুল ব্যৱধানত জয়লাভ কৰি তেওঁ ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

দ্ৰৌপদী মুৰ্মুৰ বঁটা

২০০৭ চনত দ্ৰৌপদী মুৰ্মুক ওড়িশা বিধানসভাৰ দ্বাৰা শ্ৰেষ্ঠ বিধায়ক হিচাপে নীলকান্ত বঁটাৰে সন্মানিত কৰা হয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ দ্ৰৌপদী মুৰ্মু জীৱনী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মহৎ লোকৰ জীৱনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !