ভালপোৱা মানে কি ?

0

এদিন এজনী ছোৱালীয়ে মোক প্রশ্ন কৰিলে, "ভালপোৱা মানে কি? ভালপোৱাৰ কিমান ৰূপ  আছে ?ভালপোৱাৰ কি জানা তুমি ?

তেতিয়া মই ছোৱালীজনীক মিচিকীয়া হাঁহিৰে কলো, ঠিক আছে মই তোমাৰ প্রশ্নৰ উত্তৰ দিম কিন্তু
তাৰ আগতে তুমি সৌ কুহিঁয়াৰ খেতিখনলৈ যোৱা  আৰু তাৰ পৰা আটাইতকৈ শকত আৰু ওখ     কুহিঁয়াৰটো বুটলি লৈ আহা..কিন্তু এটা চর্ত আছে

যেতিয়া তুমি ওঁখ আৰু শকত কুহিঁয়াৰটো বিছাৰিবা তেতিয়া যিটো কুহিঁয়াৰ অতিক্ৰম কৰি আহিবা সেইটো আকৌ বুটলি ল'ব নোৱাৰিবা !

ছোৱালীজনী কুঁহিয়াৰ খেতিলৈ গ'ল আৰু প্রথম শাৰীত বিচাৰিব ধৰিলে৷সেই শাৰীটোত তাই এটা শকত আৰু ওঁখ কুঁহিয়াৰ পাইছিলে কিন্তু তাই ভাৱিলে, হয়তো আগৰ শাৰীত আৰু ওঁখ আৰু শকত কুঁহিয়াৰ তাইৰ কাৰণে অপেক্ষা কৰি  আছে৷

পিছত, যেতিয়া তাই খেতিৰ আধিকাংশৰ বেছি বিছাৰি অতিক্ৰম কৰিলে তেতিয়া তাই বুজিব পাৰিলে যে এতিয়া পোৱা কুঁহিয়াৰবোৰ ইমান শকত আৰু ওঁখ নহয় যিটো তাই প্রথমে বিচাৰি পাইছিলে৷

তেতিয়া তাই বুজিব পাৰিলে যে সকলোতকৈ শকত আৰু ওঁখ কুঁহিয়াৰটো তাই পিছফালে এৰি থৈ আহিলে৷ আৰু তাৰ কাৰণে তাই অনুসূচনা কৰিলে৷ সেয়ে তাই কুঁহিয়াৰ বিচৰা বাদ দি খালী হাতেৰে ওঁভতি আহিলে মোৰ ওচৰত ৷

তেতিয়া মই ছোৱালীজনীক ক'লো… …
এইটোয়ে ভালপোৱা ৷ তুমি হয়তো জীৱনত কাৰোবাক খুজি পাইছা, কিন্তু তেতিয়াওঁ আৰু ভাল কাৰোবাক পোৱাৰ আশাত যদি খুজিয়েই থাকা, তেতিয়া এনেকুৱা এদিন আহিব যি দিনা তুমি উপলব্ধি কৰিব পাৰিবা যে……

তোমাৰ কাৰণে থকা সকলোতকৈ ভাল মানুহটো তুমি পিছফালে হেৰাই থৈ আহিছা৷ তেতিয়া আৰু তাক ঘূৰাই পোৱাৰ কোনো উপায় নাথাকিব ৷

ভালপোৱাৰ যিমান ৰূপ মই দেখিছো তুমি তাৰ এক অংশওঁ দেখা নাই ৷
ছোৱালীৰ প্রতি ল'ৰা, আৰু ল'ৰাৰ প্রতি ছোৱালীৰ ভালপোৱাৰ আৱেগ আছে মায়া আছে কিন্তু তাত নাই কোনো শান্তি, নাই কোনো ফুর্তি, নাই কোনো  বিশ্বাস৷ এই আৱেগ-প্রৱন ভালপোৱাত কি আছে ?

নাই একো ৷ আছে  মাথো কেইটুপালমান চকু পানী
বিশ্বাসঘাতকতা, মিছা কথাৰ মেলা আৰু শেষত পাহৰি যোৱা৷ নাই এইবোৰ ভালপোৱা নহয় মোৰ মতে ভালপোৱাৰ নামত ই এক প্রকাৰৰ খেল হে মাত্র৷ ভালপোৱা ক'ত জন্ম হয় আৰু ক'ত পোৱা যায় জানা নে ?

খেতি কৰিবৰ কাৰণে যেতিয়া কৃষকে মাটিত হাল বোৱাই তেতিয়া কৃষকৰ সেই মাটিৰ প্রতি ভালপোৱা
ওঁপজে৷ কোনো এজন মানুহে দুবেলা দুমুঠি খাবৰ বাবে আৰু নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে ৰ'দ বৰষুণক আওঁকাণ নকৰি কৰা কামক লৈ ভালপোৱাৰ সংজ্ঞা দিয়া ।

জাৰকালি যেতিয়া কোনো ভনীয়েক ঠাণ্ডাত কঁপি থাকে আৰু টোপনী নাযায় তেতিয়া তাইৰ 
ককায়েকে নিজৰ গাৰ কম্বলখন আনি ভনীয়েকৰ গাত জাপি দিয়ে সেইটোকলৈ ভালপোৱাৰ সংজ্ঞা দিয়া ।

দেশ-মাতৃক ৰক্ষা কৰাৰ কোনো সৈনিক যেতিয়া  জীৱন যুদ্ধত পৰাজিত হৈ মাজৰাতি উচুপি উঠে  
সেই উচুপি উঠা দৃশ্যটোত ভালপোৱা সোমাই আছে।
মোৰ মতে এইটোৱে ভালপোৱা ৷

✍️ Jakir Hussain



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্রেম আৰু বন্ধুত্ব যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কাহিনী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কাহিনী সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ লিখকৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !