ভেলেনটাইন দিৱস কিয় পালন কৰা হয় ? Valentine Day Story In Assamese

0
আমাৰ অসমৰ বহু মানুহেই ভেলেনটাইন দিৱস ( Valentine Day ) পালন কৰে।  কিন্তু বহুতো ডেকা ল'ৰা ছোৱালীয়ে ইয়াৰ মূল কাৰনটো নাজানে,  বহুতেই ভেলেনটাইন দিৱস পালন কৰি আছে আমিও পালন কৰোঁ এইটো আমোদৰ দিন বুলি।  কিন্তু ভেলেনটাইন দিৱস ( Valentine Day ) মূল কাহীটো কি ?  জনাৰ বাবে সম্পূর্ণ পঢ়ক...

Valentine Day In Assamese


কিয় পালন কৰা হয় ভেলেনটাইন দিৱস | Why Valentine Day Is Celebrated In Assam 

আজিৰ পৰা প্ৰায় ডেৰ হেজাৰ বছৰ আগৰ কথা।  ভাৰতক বাদ দি প্ৰায়বোৰ দেশতে - বিশেষকৈ ইউৰোপ মহাদেশত ভাৰতৰ নিচিনাকৈ বিবাহ বা স্বামী স্ত্ৰী পুত্ৰ জী আদিৰে কোনো স্থায়ী পৰিয়াল পাতি বাস কৰা বা ল'ৰা ছোৱালী জন্ম দি লালন পালন কৰা আদি বিৰম্বনা বা সময়ৰ অপচয় বুলিয়েই গণ্য কৰিছিল। 

ইংৰাজ সকলে নাৰীক কেৱল ক্ষন্তেকীয়া ভোগৰ সামগ্ৰী হিচাবেহে ব্যৱহাৰ কৰিছিল।  মন গ'লেই ইজনীক এৰি সিজনীক লোৱাটোত কোনো বাধানিষেধ নাছিল।  নাৰীয়ে পুৰুষক কেৱল যৌনসুখ দিয়াৰ বাহিৰে আন একোতেই কোনো অধিকাৰ নাছিল। এটাই ধৰ্ম -Live in relationship  এজনী দুজনী ১০/২০/৪০/৫০ জনী যিমানেই relation নহওক...।

সেয়ে বনৰ পশুপক্ষীৰ নিচিনাকৈ কাৰ ঔৰষত কোন সন্তান জন্মিল স্বয়ং মাক দেউতাকেও নাজানে।  তেওলোকে স্বামী স্ত্ৰী মানে ক্ষন্তেকীয়া Boy friend /Girl friend হে । 

সন্তান জন্ম হ'লে গিৰ্জা ঘৰত দিয়া হয় আৰু তাত থকাসকলেই father, mother, brother, sister uncleইত্যাদি ! পেহা পেহী, মহা মাহী ,জেঠা জেঠী, মামা ভাগিন এইবোৰ একো নাই।  (এতিয়াও নাই ) ১৯৫০ চনত নাৰীৰ বাবে কিছু আইন সংশোধন কৰাৰ পিচত এতিয়াহে ৩০/৪০ শতাংশ লোকে স্থায়ী পৰিয়াল পাতি বাস কৰিব লৈছেহি।


 
৪৭৮ চনৰ কথা  ইউৰোপত ভেলেনটাইন নামৰ এজন অতি বিদ্বান লোকৰ আৱিৰ্ভাৱ হয়।  তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি ভাৰতৰ লেখিয়া স্থায়ী পৰিয়াল ব্যৱস্থাত খুবেই সন্তুষ্ট হৈছিল আৰু ইউৰোপতো সেই ব্যৱস্থা প্ৰচলনৰ বাবে বহুতকে বুজাইছিল।  শেষত তেওঁ গিৰ্জাৰ পাদ্ৰী নিযুক্ত হয়।   পাদ্ৰী হৈ বিবাহ ব্যৱস্থা, পৰিয়াল পাতি বসৱাস কৰা আদি বিষয় বহুতকে বুজালে। ডেকাচামত বুজাই বুজাই শ শ যুৱক যুৱতীক বিয়া পাতি স্থায়ী পৰিয়াল পতালে ।

সেই সময়ত ৰোমৰ একচত্ৰী ৰজা আছিল ক্লডিয়াচ (claudius) তেওঁ অতি পৰাক্ৰমী, দুৰ্দান্ত আৰু নিৰ্দয় ৰজা আছিল।  ৰজাৰ বিনা অনুমতিত ভেলেন্টাইনে বিয়া পতা আইন বিৰুদ্ধ কাম কৰা শুনাৰ লগে লগে ভেলেন্টাইনক বন্দি কৰি ফাচীৰ হুকুম জাৰি কৰিলে।  আগৰ দিনত ফাচী দিয়া কাৰ্য্য ৰাজহুৱা স্থানত ৰাইজক দেখুৱাই কৰা হৈছিল।
 
ভেলেন্টাইনকো তেওঁৰ অনুগামী বিয়া পতা সমুহ দম্পত্তিৰ সমুখত ৪৯৮ চনৰ ১৪ ফেব্ৰুৱাৰি তাৰিখে নৃশংষ ভাবে ফাচী দিয়া হয়।  পৰৱৰ্তী কালত সেই দম্পত্তি সকলে তেওঁলোকৰ প্ৰিয় পাদ্ৰীজনৰ উক্ত তাৰিখ টোক ভেলেন্টাইন দিৱস এটি শোকৰ দিৱস হিচাবে পালন কৰিবলৈ লয়।
 
কথাতো নিশ্চয় বুজিলে।


ভেলেনটাইন নামৰ মানুহজনৰ লগত কি সম্পৰ্ক আছে আমাৰ ভাৰতীয় লোকৰ

আমাৰ ৰামায়ন মহাভাৰতৰ যুগৰ হাজাৰ হাজাৰ বছৰৰ পৰা স্থায়ী সুখী বংশ পৰিয়াল পাতি বাস কৰা ভাৰতীয় সকলক এই দিৱসটো বাৰু কিয় লাগে ?  দেৰ হাজাৰ বছৰ আগৰ বৰ্বৰ, উশৃঙ্খল ইংৰাজৰ দিৱসবোৰৰ সোৱৰণ আমাক কিয় লাগে বাৰু ?

যদি ১৪ ফেব্ৰুৱাৰি ডেকা ডেকেৰী হঁতৰ বাবে প্ৰেমৰ দিৱস বুলি ভবা হয় অসম নাইবা ভাৰতীয় ইতিহাসত অনেক অমৰ প্ৰেম কাহিনী আছে।

তাৰেই এটা দিৱস পালক কৰক। ইউৰোপত বিয়া পতা দম্পতিহে ভেলেন্টাইন দিবস পালে।  আমাৰ ১৫/২০ বছৰীয়া স্কুল-কলেজীয়া ডেকা ডেকেৰীবোৰক কিয়বা লাগে এই দিৱসটো ? ভেলেনটাইন নামৰ মানুহজনৰ লগত কিয়েবা সম্পৰ্ক আছে আমাৰ ভাৰতীয় লোকৰ ?

ভাৰতক লুতি পুতি খোৱা ইংৰাজ সকলক নকল কৰাটোৱেই আমাৰ স্বভাৱ হ'ল নেকি ?
নে এতিয়াও আমি ইংৰাজৰ গোলাম হৈয়ে আছো ?

আমাৰ ন-প্ৰজন্মৰ  "ভেলেনটাইন ডে"  পালন কৰা ডেকা ডেকেৰীয়ে শঙ্কৰ মাধৱ, জ্যোতি বিষ্ণুৰ জন্ম-মৃত্যু দিৱসবোৰ তপৰাই ক'ব পাৰিবনে নোৱাৰে নাজানো।

আৰে ভাই দিৱস পালন কৰা
আমাৰ নিজৰ ভাল মানুহ বোৰৰ দিৱস জাক জমককৈ পালন কৰা,  নিজৰ দেশৰ হকে জীৱন বলীদান দি যোৱা মহান ব্যক্তি সকলৰ দিৱস পালন কৰা,
নে কি কয় বন্ধু সকল ?
 
(সংগ্ৰহ)
শ্ৰী যতীন দাস । মালয়বাৰী
কামৰুপ মহানগৰ/ অসম


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !