আপোনাৰ দেহত থকা ৫ টা শুভ-অশুভ লক্ষণ এনেদৰে জানিব পাৰিব, পঢ়ক এই বিশেষ বাৰ্তা | Assamese Facts


আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয়। আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত ক'ব পাৰে।  আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভবিষ্যতৰ লগত আছে।  আমাৰ শৰীৰৰ গঠন,  তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে।  ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে।  ৰং-ৰূপ, স্বভাৱ, বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয়।  সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয়।

আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰো।  তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ শুভাগ্যশালী হোৱাৰ কাৰণ বুলিও কোৱা যায়।  আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায়। আৰু এই কেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা...

Assamese Facts

বগা আৰু চাফা দাঁত

বগা আৰু চাফা দাঁত সকলোৱে পছন্দ কৰে তাৰোপৰিও যদি দাঁতৰ মাজত কোনোধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে।  কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি শুভাগ্যশালী হয়।  তেওঁলোক আর্থিকভাৱেও সবল হয়,  আৰু চাকৰিক্ষেত্ৰত উচ্চপদস্থ হয়।  ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোক অলপ জিদ কৰা, আৰু বেছি কথা কোৱা স্বভাৱৰ হয়।  কিন্তু এওঁলোক ভাগ্যশালিও হয়।


শৰীৰত তিল থকা

আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে,  সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে।  দুয়োজুৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক শুভাগ্যৰ প্ৰতীক বুলি কোৱা হয়।  ঠিক এনেদৰেই সোঁহাত,  সোঁগাল আৰু সোঁচকুত থকা তিলো ভাল বুলি কোৱা হয়।


দীঘল নাক

দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়।  যিসকল লোকৰ কান সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।  আৰু এই ব্যক্তি সকলৰ কেতিয়াওঁ ধন সম্পদৰ অভাৱ নহয়।


হাতৰ তলুৱা

হাত আৰু তাৰ তলুৱা যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয়,  আৰু সমতলীয় হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয়,  তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়।  হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালি হোৱাৰ প্ৰতীক।  দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয়।  ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্ৰ, নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।


দীঘল আৰু ওখ মূৰ

দীঘল আৰু ওখ মূৰৰ ব্যক্তি যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে চিন বহে, তেওঁলোকৰ বহুত সুভাগ্য হয়। তেওঁলোকৰ টকা পইচাৰ কেতিয়াওঁ অভাৱ নহয়।


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post