এই কাম সমূহ কৰিলে আপোনাৰ সংগীয়ে আপোনাক মিচ কৰিব | Assamese Carrere Tips

এজনী পত্নিৰ চাহিদা তেতিয়াই বাঢ়ি যায়,  যেতিয়া স্বামীৰ সৈতে তাইৰ দুৰত্ব বাঢ়ি যায়।  তেতিয়া তাই গহনা, শাড়ি, দামী বস্তু এইবোৰৰ প্রতি মৰম  বিচাৰি ফুৰে।  আপুনি নাহিৰত কাম কৰে বা চাকৰি কৰে কিন্তু আপোনাৰ পত্নি গোটেই দিন ঘৰত থাকে, ঘৰৰ কাম কৰে মনটো কেতিয়াবা বেয়া হৈ থাকে। কিন্তু এটা কথা সচাঁ যে পত্নি হ'ল মাটিৰ দৰে আৰু ভালপোৱা হ'ল পানী, সেয়ে আপুনি দুটা একেলগে মিহলাই ইচ্ছানুসৰি আকৃতি দিব পাৰিব। কিন্তু কেনেকৈ পঢ়ক সম্পূর্ণ...



১/ সংসাৰৰ  সম্পূৰ্ন কাম কৰাৰ পিছতো আপোনাৰ পত্নিয়ে নকয় মোৰ কষ্ট হৈছে,  যদি আপুনি আপোনাৰ পত্নিক ভালপাই কপালত এটা চুমা আঁকি দিয়ে,  আৰু যদি কয় গোটেই দিনটো বহু কৰিছা এতি অলপ জিৰনী লোৱা।  কাম পিছতো কৰিব পাৰিবা কিন্তু তোমাৰ শৰীৰটো বেয়া হ'লে মোৰ বহুত কষ্ট হ'ব।  এনেকৈ ক'লে আপোনাৰ পত্নিৰ আপোনাৰ প্রতি মৰম আৰু অধিক বাঢ়ি যাব।


২/ প্ৰেম কেৱল দামী বস্তুৰ মাজত লুকাই নাথাকে, মাজে মধ্যে ভালপোৱা ১০ টকা দামৰ গোলাপ আৰু ৰাস্তাৰ কাষত বিক্রি হোৱা ২০ টকা দামৰ কাঁচৰ খাৰুৰ মাজতো  লুকাই থাকে,  লগতে অলপ শেয়াৰ ও কেয়াৰ থাকিলে সংসাৰ যুদ্ধক্ষেত্র নহৈ, স্বৰ্গ হয়।


৩/ মাজে সময়ে আপোনাৰ পত্নিক কাম কৰা দেখিলে আপোনাৰ পত্নিৰ হাতৰ পৰা কামটো কাঢ়ি নিয়ক,  আৰু কওঁক এতিয়া মই এই খিনি কাম কৰোঁ তুমি অলপ আৰাম কৰা।  এই কথা আপোনাৰ পত্নিয়ে শুনিলে সেই কাম আপোনাক কৰিব নিদিয়ে,  কিন্তু তাইৰ আপোনাৰ প্রতি থকা মৰম আৰু ভালপোৱা বৃদ্ধি হ'ব।


৪/ আপুনি যেতিয়া কামৰ বাবে বাহিৰলৈ ওলাই যায়,  সেই সময়ত আপোনাৰ পত্নিৰ ওচৰত যাওক আৰু শুধক তোমাৰ বাবে আজি কিবা আনিব লাগিব নেকি ? আপোনাৰ পত্নিৰ যদি কোন এটা  বস্তুৰ বহুত প্রয়োজন আছে তেনেহলে সেইটো হে ক'ব।  আৰু যদি সৰু সৰা বস্তুৰ প্রয়োজন থাকেওঁ সেইটো নকয় কাৰণ আপুনি যে আপোনাৰ পত্নিক শুধিছে সেইটোই আপোনাৰ পত্নিৰ বাবে অতি মূল্যৱান।  আৰু এনেকৈ যদি প্রতিদিন শুধিব পাৰে তেনেহলে আপোনাৰ প্রতি আপোনাৰ পত্নিৰ মৰম বাঢ়িব।


৫/ মাজে সময়ে ফুৰিবলৈ নিয়ক আপোনাৰ পত্নীক,  কাৰণ আপুনি বাহিৰত কাম কৰে বা চাকৰি কৰে।  মানুহৰ মুখ দেখে, বহু মানুহৰ লগত কথা পাতে আপোনাৰ মনটো হালকা হয়।  কিন্তু আপোনাৰ পত্নী ঘৰত থাকে,  ঘৰৰ কাম কাজ কৰে মানুহৰ মুখ নেদেখে কথাও নাপাতে।  আপোনাৰ পত্নী যদি সদায় ঘৰত থাকে তেনেহলে খাচাত বন্ধি এটা চাইৰ দৰে হ'ব।  মনটো সদায় বেয়া হৈ থাকিব আৰু আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব।  সেই বাবে এক দুই মাহ মূৰে মূৰে কোৰবালৈ ফুৰিবলৈ যাওক।  তেনেহলে আপোনাৰ পত্নীৰ মনটো ভালে থাকিব আৰু আপোনাৰ প্রতি থকা মৰম বৃদ্ধি হ'ব।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post