দুখী হোৱাৰ ১০ টা কাৰণ | মানুহ সকলো সময়ত দুখী থকাৰ কেইটামান কাৰণ জানো আহক | Assamese Facts


কিছুমান মানুহ প্রায় সকলো সময়ত দুখী থাকে,  আৰু তাৰ কাৰণ নাজানে।  কিন্তু এই দুখী থকাৰ কাৰণে মানুহ শাৰীৰিৰ ও মানুসিক অসান্তিত ভুগে।  এই ৰোগৰৰ কোনো ঔষধ পোৱা নাজায়।  আজি আমি কথা পাতিম মানুহ কিয় দুখী থাকে,  আৰু দুখী থাকাৰ কাৰণ সমূহ কি কি।


১/ ৰাতিপুৱা দেৰিকৈ উঠা।

আপুনি হয়তো ১০-১১ ঘণ্টা টোপনি মাৰে,  কিন্তু আপোনাৰ তেনেকুৱা নালাগে যে আপুনি অতিৰিক্ত টোপনি মাৰে।  যুক্তৰাষ্ট্ৰৰ ন্যাশনেল গবেষণাত কোৱা হৈছে ২৪ পৰা ৬৪ বছৰ বয়সী মানুহ সুস্থ থকাৰ বাবে ৭ৰ পৰা ৯ ঘণ্টা টোপনি যথেষ্ট।  সেই বাবে ৰাতিপুৱা সোনকালে উঠিব লাগে।


২/ অকল নিজৰ বাবে চিন্তা কৰা।

আপুনি যদি অকল নিজৰ বাবেই চিন্তা কৰে তেনেহলে আপুনি দুখী থাকিব।  কাৰণ আপুনি ভাবিব মই সেইটো নাপালো,  কিয় নাপালো,  বেলেগৰ ইমান তকা আছে মোৰ কিয় নাই।
জীৱনটো অকল নিজৰ বাবে নহয়।  এ,পি,জে, আব্দুল কালাম কেতিয়াওঁ নিজৰ বাবে ভবা নাই।  এ,পি,জে, আব্দুল কালামে দেশৰ বাবে কি কৰি গৈছে সেয়া আপোনালোকে জানেই।  সেই বাবে অকল নিজৰ বাবে চিন্তা কৰিব নালাগে।


৩/ নিজৰ কাম সময় মতে নকৰা।

আপুনি যদি এটা কাম কৰিব বুলি ভাবিছে,  কিন্তু আজি কৰিম কালি কৰিম এনেকৈ দিনবোৰ পাৰ কৰি আছে তেনেহলে আপুনি দুখী থাকিব।  কাৰণ সময়ৰ কাম সময় মতে নহলে সেই কাম কেতিয়াওঁ নহয়।  সেই বাবে সময়ৰ কাম সময় মতে কৰাৰ চেষ্টা কৰিব।


৪/ পৰামর্ষ দিয়া।

নিবিচাৰিলেও পৰামর্ষ দিয়া মানুহ বহুত আছে আপুনিও যদি তাৰে ভিতৰত এজন তেনেহলে এই অভ্যাস আজিয়েই সলনি কৰক।  কাৰণ পৰামর্ষ দিয়া ভাল কিন্তু যাক আপুনি পৰামর্ষ দিছে সেই মানুহ জনে পৰামর্ষ গ্রহণ কৰিলে নে নাই।  যদি সেই মানুহে পৰামর্ষ গ্রহণ কৰিছে তেনেহলে আপোনাৰ ভাল লাগিব।  আৰু যদি পৰামর্ষ গ্রহণ কৰা নাই তেনেহলে আপুনি দুখী থাকিব।


৫/ মানুহৰ বাবে একো নকৰা।

যিবিলাক মহান মানুহ আছিল তেওঁলোকে নিজৰ বাবে একো কৰা নাই।  অকল মানুহ বা দেশৰ বাবেই জীৱটো উৎসর্গ কৰিছে।  আৰু তেওঁলোকে এইটো কৰি বহুত সুখী,  কাৰণ তেওঁলোকে জানে যে এই জীৱনটো দুদিনৰ।
আপুনিও মানুহৰ বাবে কিবা কৰক।  যেনে গৰিৱ-দুখীয়াক সহায় কৰক, দেখিব আপোনাৰ মনটো ভাল লাগিব।  আৰু মানুহৰ বাবে কিবা কৰা বুলি অনুভৱ হ'ব।


৬/ মিছা কথা কোৱা।

কিছুমান মানুহ আছে সকলো সময়ত মিছা কথা কয়,  তেওঁলোকৰ কথা কোৱা নাই।  আপোনাৰ নিচিনা মানুহে যেতিয়া এটা মিছা কথা ক'ব তেতিয়া আপুনি দুখীহৈ পৰিব।  কাৰণ যিসকল মানুহৰ মিছা কথা কোৱাৰ অভ্যাস আছে তেওলোকৰ একো নহয়।  কিন্তু এজন ভাল মানুহে মিছা কথা ক'লে তেওঁ নিজক দুখী অনুভৱ কৰিব।


৭/ মানুহক বিশ্বাস নকৰা।

কিছুমান মানুহ আছে যিসকল বিশ্বাসৰ যোগ্য নহয়।  কিন্তু সকলো মানুহ বিশ্বাসৰ যোগ্য নহয় এইটো কথা মিছা।  সেই বাবে যিসকল মানুহ বিশ্বাসৰ যোগ্য নহয় তেওঁলোকক বিশ্বাস নকৰাই ভাল।  কিন্তু যিসকল বিশ্বাসৰ যোগ্য সেই সকল মানুহক বিশ্বাস কৰিব লাগিব।


৮/ কাৰোবাৰ পৰা সহায় নাপালো।

কিছুমান মানুহ আছে মানুহক বহুত সহায় কৰে।  কিন্তু যেতিয়া তেওঁ বিপদত পৰে তেওঁক সহায় কৰিবলৈ এজনো নাহে।  আৰু সেই সময়ত সেই ব্যক্তি জনে দুখী হৈ পৰে।  আচলতে সহায় কৰাৰ সময়ত তাৰ পৰা একো আশা কৰিব নালাগে।  যদি কাৰোবাক কিবা দি আপুনিও তাৰ পৰা কিবা এটা পোৱাৰ আশা কৰে তেনেহলে আপুনি দুখী থাকিব।  সেই বাবে মানুহক সহায় কৰক কিন্তু কিবা পোৱা আশা নহয়।


৯/ লক্ষ্যহীন জীৱন।

জীৱনত কিবা এটা লক্ষ্য থাকা অতিকৈ প্রয়োজন।  কিছুমান মানুহৰ লক্ষ্য থাকে মই ডক্টৰ হম।  কিছুমান মানুহৰ লক্ষ্য থাকে মই ইঞ্জিনিয়াৰ হম। কিন্তু আপোনাৰ জীৱনত যদি কোনো লক্ষ্য নির্ধাৰণ কৰা নাথাকে তেনেহলে আপুনি দুখী থাকিব।  কাৰণ যদি আপোনাৰ কোনো লক্ষ্যই নাথাকে তেনেহলে আপোনাৰ জীৱন কোন ফালে গতি কৰিব সেয়া আপুনি নাজানে।  সেই বাবে জীৱনত লক্ষ্য নির্ধাৰণ কৰাক।


১০/ বেছি চিন্তা কৰা।

মানুহ মাত্রেই চিন্তা আছে কাৰোবাৰ কম, কাৰোবাৰ বেছি।  কাৰোবাৰ টকাৰ চিন্তা, কাৰোবাৰ মাটিৰ চিন্তা, কাৰোবাৰ চাকৰীৰ চিন্তা।  কিন্তু অহা কালিৰ বাবে চিন্তা কৰি আজিৰ জীৱনটো নষ্ট কৰি আছে। সেই বাবে কালি যি হ'ব সেয়া কালি দেখা যাব।  আজিৰ দিনটো উপভোগ কৰক।




ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ তথ্য সমূহ জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

Previous Post Next Post