প্ৰায়বোৰ সম্পৰ্ক ভাঙি যায়, বিশ্বাসৰ অভাৱত।
প্ৰায়বোৰ সম্পৰ্ক ভাঙি যায় দুখ অসান্তিৰ বাবে। কোনোবা মানুহ এজনক ভাল পোৱাৰ আগতে মানুহজন ভাল নে বেয়া তাক জানি লোৱাটো অতি দৰকাৰ।
বহুত টকা থাকিলেই লৰা এজন ভাল নহবও পাৰে। মানুহ এজনক ভালপোৱাৰ আগতে তেওঁ ধনী নে দুখীয়া সেইটো চোৱাতকৈ, তেওঁ মনটো কিমান বিশাল তাৰ চৰিত্ৰ কেনেকুৱা সেইটো ভালদৰে চাই ল'ব লাগে।
সহজ সৰল মানুহবোৰ
অলপ কিছু পালেই সুখী হয়,
সেইবাবেই চাগে সিহঁতৰ কঁপালখন বহুত বেয়া।
যেতিয়া মানুহে নতুন মানুহৰ
সৈতে সম্পর্ক কৰে,
তেতিয়া পুৰণা বোৰক পাহৰি যায়।
যেতিয়া নতুনবোৰে অন্তৰত আঘাত
দিয়ে তেতিয়া পুনৰ পুৰণি বোৰকে
মনত পেলায়।
তুমি মােৰ সপােনৰ লগৰীহে দিঠকৰ নহয়,
কাৰণ মই তােমাৰ নহয়
আৰু তুমি মােক দিঠকত নিবিচাৰে,
সপােনত কিয় তুমি আহি আঁতৰি যােৱা।
অনুভূতিবোৰ আগৰ দৰেই আছে
তুমি সলনি হৈ গ'লা,
সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল।
যিদিনা কোনোবাই কথা দি কথা নাৰাখিব
সেইদিনা বুজিবা বিশ্বাস মানে কি!
যিদিনা কোনোবাই কথা দি উভতি নাহিব
সেইদিনা বুজিবা অপেক্ষা মানে কি!
যিদিনা কোনোবাই হাত এৰি যাব সেইদিনা বুজিবা
ভৰষা মানে কি!
যিদিনা হেৰাই যোৱা কাৰোবালৈ অকাৰণত
বাৰে বাৰে মনত পৰিব
সেইদিনা বুজিবা ভালপোৱা মানে কি!
আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া
বিশ্বাস ভাঙি দিয়ে,
তেতিয়া আৰু কাকোৱেই বিশ্বাস
কৰিবলৈ সাহস নহয়।
সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়,
সেইবাবেই চাগে সিহঁতৰ কঁপালখন
বহুত বেয়া।
বৰষুণ টোপালে এতিয়া তােমাৰ বাতৰি দি যায়
বাৰে বাৰে কয় তুমি মােৰে হয় আছা মাথোঁ
এইটো মােৰ সপােন যিটো সপােন দিঠকত পূৰণ
হােৱাটো বহুত কঠিন।
দেহৰ আঘাতবোৰ সহ্য কৰিব পাৰি
কিন্তু মনৰ আঘাতবোৰ সহ্য কৰিব নোৱাৰি।
আজিকালি মানুহে নতুনক পালে
পুৰণিবোৰক পাহৰি যায়,
সেইয়া কাপোৰেই হওক বা
মানুহেই হওক।
দুখ কষ্ট, আঘাতবোৰ আপোন
মানুহবোৰেই দিয়ে, অচিনাকি মানুহেতো
ভৰিখন লাগিলেও ক্ষমা খোজে।
আচলতে আপোন পৰ বুলি ক'বলৈ কোনো নাই
এই জীৱনত, সকলো আজি আছে
কাইলৈ নাই।
স্বার্থপৰ মানুহ আৰু মিছা সম্পর্ক
এটাত থকাতকৈ
অকলে থকাই ভাল।
আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে,
তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়।
জীৱন বাটত আপোন বুলিবলৈ
কোনো নাই,
সকলোয়ে কেৱল স্বার্থৰ বাবেহে
আপোন হোৱাৰ অভিনয় কৰে,
স্বার্থপূৰণ হ'লে সম্পর্কও শেষ হয়।
যিয়ে তোমাক বিশ্বাস কৰে
তেওঁক নঠগিবা।
যিয়ে তোমাক ভালপায় তেওঁৰ
সুযোগ নলবা,
যিজনক তোমাৰ ভবিষ্যতে প্রয়োজন হ'ব
তেওঁক ব্যস্ততা নেদেখুৱাবা,
যিজনে তোমাৰ ওপৰত ভৰষা কৰে তেওঁক
বিপদৰ সময়ত এৰি নিদিবা।
আনৰ দুখ সিহঁতে বুজিব শিকে
যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে।
সেইজনৰ বাবে কেতিয়াওঁ দুখ নকৰিবা
যিয়ে তোমাক বুজি নাপায়,
কৰণ তেওঁ তোমাৰ মুখৰ কথাই বুজি
নাপাই মনৰ কথা কি বুজিব।
যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।
পানীত পৰি মানুহৰ মৃত্যু নহয়,
মানুহৰ মৃত্যু হয় সাঁতুৰিব নজনাৰ বাবে।
একেদৰে জীৱনত সমস্যাৰ সৃষ্টি নহয়,
সমস্যা তেতিয়া হয় যেতিয়া মানুহে পৰিস্থিতিৰ লগত
যুঁজিব নাজানে।
প্রয়ােজনত মনত পেলােৱা জন
অথবা প্রয়ােজন শেষ হ'লে আঁতৰি যােৱাজন
কোনাে প্রকাৰেই আপােন হ'ব নােৱাৰে।
অপােন পৰ বুলি ক'বলৈ কোনাে নাই
জীৱনত সকলাে অস্থায়ী আজি আছে
কাইলৈ নাই !
মানুহ ধনী হ'লে পাহৰি যায়
তেওঁৱাে যে এদিন দুখীয়া আছিল।
শিক্ষক হ'লে পাহৰি যায় তেওঁৱাে যে
এদিন ছাত্র আছিল।
শাহুয়েক হ'লে পাহৰি যায় তেওঁৱাে যে এদিন
বােৱাৰী আছিল।
বৰষুণ আৰু প্ৰেম একেই,
বৰষুণত শৰীৰটো সেমেকে আৰু
প্ৰেমত দুচকু সেমেকে।
জীৱনত কষ্ট পালে দুখ নকৰিবা,
কাৰণ কষ্টবােৰে আমাক শক্তিশালী আৰু
সাহসী হ'বলৈ শিকাই।
সম্পর্ক এটা আপুনি যিমানেই বিশ্বাস
আৰু সততাৰে পালন নকৰক কিয় সলনি হ'ব,
বিচৰাজন সলনি হৈ আঁতৰি যাবই।
গতিকে কাকো জোৰ কৰি ধৰি নাৰাখিবা।
জীৱনটো খুবেই কষ্টকৰ কিন্তু সেয়া কাকো
বুজাব পৰা নাযায,
মনটো বৰ অসহায় কিন্তু সেয়া কাকো
দেখুৱাব পৰা নাযায়,
জীৱনত বহুত কিবা কিবি সপােন দেখিব পাৰি
কিন্তু বিচাৰিলে সকলাে পােৱা নাযায়।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ দুখৰ বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু দুখৰ বাণী সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
বহুত ভাল লাগিল পঢ়ি আৰু মনটো বহুত আবেগিক হৈ গল
ReplyDelete