আৱেগৰ অনুভুতি ২.০

0

কাহানিও নভবা বহু কথাই কোৱা হ'ল
অথচ কম বোলা বহু কথাও চোন কোৱা নহ'ল।
মনত সাঁচি ৰখা কথাবোৰ এতিয়া আৱেগ হ'ল
সপোনবোৰ দেখোন এতিয়া আশা হৈ ৰ'ল।
মন ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চালে দেখো
বহু সপোন আধৰুৱা হৈয়ে ৰ'ল!
মোৰ প্ৰতি তোমাৰ বহু অভিযোগ জন্ম হ'ল।

গোপন আলাপ অপ্ৰকাশিত ভালপোৱা 
সাচিঁ ৰখা কিছু আৱেগ অব্যক্ত বহু কথা।
এন্ধাৰত হুমুনিয়াহৰ সতে চকুলো হৈ সৰে
অলীক সপোনৰ তত্ববোৰ কবিতা হৈ ভাহে।
ভাললগা শব্দবোৰেৰে শিকলি সাজি
তেতিয়া মই কবি হৈ যাওঁ।
আবতৰীয়া ফাগুনৰ পলাশ বিচাৰি
কোনোবা অসীমত হেৰাওঁ।

তুমি জানো জানা ?
মোৰ লেলিহান শিখাডাল নুমাই যোৱাৰ কথা !
তুমি জানো বুজা ?
বুকুত কঢ়িয়াই লৈ ফুৰা ভালপোৱাৰ গভীৰতা !
মই তোমাৰ একপক্ষীয় প্ৰেমিক
তুমি মোৰ ভালপোৱা।
তুমি মোৰ নহলেও মই তোমাক ভাল পাই থাকিব পাৰো
হয়টো এই কথা তুমি নাজানা।

✍️ বিব্ৰত অনুপল মৰাণ
@Ammari



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ আৱেগৰ অনুভুতি ২.০ যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website-ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !