ৰমজান মাহৰ কবিতা

0

কবিতাৰ শিৰোনামঃ ৰমজান

মাগফিৰাতৰ সৌৰভে ভৰা
মাহে ৰমজান;
মুমিনৰ ইবাদত দেখি
পলাব সব ইবলিছ শয়তান।।

হে মুমিন গণ !
মাহে ৰমজানৰ ছিয়াম সাধনাত
শীঘ্ৰেই মুক্তি লওঁক;
পাচঁ ওৱাক্ত নামাজ, তাৰাবীহ আৰু
তাহাজ্জুদ পঢ়ি দোৱা কৰক।।

উপবাস মানেই ৰোজা নহয়
বিজ্ঞজনৰ মতামত;
অন্যায়-অত্যাচাৰ, অহেতুক-বাৰ্তালাপ,
অশালীন ব্যৱহাৰ, কুৎসা-ৰটনা, 
হাই-কাজিয়া,অশ্লীলতা 
ইত্যাদিৰ পৰা থাকিব আঁতৰত।।

মাহে ৰমজান 
পঢ়ি কোৰান, কৰিলে মোনাজাত
আল্লাহে কবুল কৰে;
লাইলাতুল ৰজনীৰ ভাগ্য নিৰ্ধাৰণ
এইটো মাহতেই পৰে।।

মাহে ৰমজান
ৰহমত, বৰকত, মাগফিৰাত আৰু
নাজাতৰ সূচিত নেয়ামত;
জান্নাতৰ দোৱাৰ খুলিবলৈ
কৰক পুণ্য অৰ্জন,
অন্যথা যাব লাগিব দোজখত।।

✍️ এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী।
মোবাইল নং- ৮৮৭৬১২৩১২৪



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰমজান মাহৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু ৰমজান মাহৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !