জীৱনত সফলতা পাবলৈ ৫ টা টিপছ | মানুহৰ অভ্যাসে জীৱন সলনি কৰিব পাৰে।

0

নিজৰ জীৱনত সকলোৱে ভৱিষ্যত সফলতা অর্জন কৰিব বিচাৰে।  কিন্তু বহুজনেই সফলতাৰ মুখ নেদেখে আৰু বহুত মানুহে সফলতা পায়।  সফল হ'ব নোৱাৰা কেইজনে দোষ দিয়ে ভাগ্যক।  কিন্তু কর্মত যদিহে সাধনা আৰু একগ্রতা নাথাকে তেন্তে ভাগ্যই ক'ত সফলতা দিব।  পৃথিৱীত কোনো ব্যক্তি নাই যিয়ে কর্ম, সাধনা, লক্ষ্য আৰু একগ্রতা নোহোৱাকৈ জীৱনত সফল হৈছে।  হেয়ে সফল আৰু কৃতকার্য হ'বলৈ হ'লে মানুহে নিজৰ মাজত গঢ়ি তুলিব লাগিব কিছুমান ভাল অভ্যাস।  কিয়নো মানুহৰ যি কামত অভ্যাস থাকে সেই কাম মানুহে বাৰে বাৰে কৰি ভাল পাই।  এই অভ্যাস সমূহ হৈছে...

১. কর্ম বেছিকৈ কথা কমকৈ।

সদায় লক্ষ্য ঠিৰাং কৰি আপুনি যি কৰিছে বা কৰিবলৈ গৈ আছে তাক একান্ত মনে আত্মবিশ্বাস আৰু সাধনাৰে কৰি যাওঁক গোপনে,  মানুহক কৈ ফুৰাৰ প্ৰয়োজন নাই।  আৰু যেতিয়া আপোনাৰ লক্ষ্য উদ্দেশ্যৰ সফল ৰূপায়ন হ’ব মানুহে নিজেই গম পাব আপোনাৰ সফলতাৰ কথা ৷  কিয়নো আনক কৈ ফুৰিলে আপোনাৰ কামত বহুতে অদৰকাৰী দিহা পৰামৰ্শ দিয়া আৰম্ভ কৰিব বা সমালোচনা কৰি আপোনাক নিৰুৎসাহি কৰি তুলিব। হেয়ে আপোনাৰ লক্ষ্যত উপনিত হ'বলৈ কথা কমকৈ আৰু কাম বেছিকৈ কৰক।

২. নিজৰ সৈতে সদায় কথা কোৱা।

প্রতিদিন ৮-১০ মিনিট নিজৰ সৈতে কথা কোৱা উচিত, আপোনাৰ সফলতাৰ বিষয়ে,  আপোনাৰ বিফলতাৰ বিষয়ে,  আপুনি কৰা ভৱিষ্যতৰ প্লানৰ বিষয়ে,  নিজক সদায় প্রশ্ন কৰিব লাগে মই এতিয়া কি আছো,  ভৱিষ্যতে কি হম।  নিজৰ সৈতে কথা কোৱাৰ কাৰণ  যিবোৰ মানুহে নিজৰ সতে ডাঙৰ কৈ কথা পাতে নিজৰ সতে হাঁহে তেনে লোকক অইন লোকে পাগল বুলি ক'ব পাৰে কিন্তু বিপৰীতে তেওঁৰ বুদ্ধিমান আৰু জ্ঞান দিনে প্রতিদিনে বাঢ়ি গৈ থাকিব ৷  আৰু জ্ঞানী আৰু বুদ্ধিমান লোকেই জীৱনত সফলতা পাই।

৩. শিকাৰ অভ্যাস আৰু আগ্রহ।

আপুনি যদি জীৱনত সফল হ'ব বিচাৰে তেনেহলে শিকাৰ অভ্যাস আৰু মনোযোগ এটি অতি প্রয়োজনীয় অভ্যাস।  পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিনিয়োগকাৰী বিল গেটছৰ এতিয়া বয়স হৈছে প্রায় ৬৪ বছৰ আৰু এই বয়সতো তেওঁ দিনৰ ৫ ঘন্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে কিবা নতুন এটি শিকাৰ আশাত।  ৱাৰেন বাফেৰে এতিয় প্রায় ৮৮ বছৰ বয়সতো দৈনিক ৪-৫ ঘণ্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে।  হেয়ে সদায় নতুন নতুন কথা শিকি থাকক।


৪. সময় অপচয় নকৰিব।

অপ্রয়োজনীয় অদৰকাৰী কামত সময় কটোৱা অনুচিত।  পৃথিৱীৰ বিখ্যাত বিখ্যাত সফল ব্যক্তি সকলৰ জীৱন বুৰঞ্জীৰ বিষয়ে জানিলে আচৰিত হ'ব লাগিব, উদাহৰণ স্বৰূপে ফেচবুক আৱিষ্কাৰক মার্ক জোকাৰবাৰ্গে যি ঠাইতে নাযায় সদায় একে নিচিনা কাপোৰ পিন্ধি যায়, আনকি বুটাম লগাব লগা চোলাও তেওঁ নিপিন্ধে।  ইয়াৰ ৰহস্য হৈছে তেওঁ এইবোৰত সময় নষ্ট কৰিব বৰ টান পায়।


এই বিষয়ত প্রশ্ন কৰোঁতে তেওঁ কৈছিল যে তেওঁৰ হাতত ইমান টকা আছে যে তেওঁ আমেৰিকাৰ বহু নামি দামী কাপোৰৰ কোম্পেনী কিনি আনি ঘৰতে পাতি লব পাৰে কিন্ত তেওঁৰ হাতত ইমান সময় নাই এইবোৰ কৰি থকিবলৈ সেয়ে তেওঁ একে নিচিনা কিছু কাপোৰ কানি কিনি থৈছে যিসমূহ পিন্ধাৰ সময়তো বেছি সময় নালাগে আৰু পচন্দ কৰোতেও সময় অপচয় নহয়।  যদিহে তেওঁ কাপোৰ পিন্ধোতেই সময় নষ্ট কৰিব লগা হয় তেন্তে তেওঁৰ কৌটি কৌটি ফ’লোৱাৰ সমূহক সময় কেনেকৈ দিব।  পৃথিৱীৰ বহু বিজ্ঞানীয়ে নিজৰ জীৱত কালত কটোৱা নাছিল সময় অপচয় হ'ব বুলি।  সময় এনে এটা বস্তু যি পাৰ হৈ যোৱাৰ পিছত আৰু ঘূৰি নাহে।  হেয়ে সফল হ'বলৈ হ'লে সময়ৰ অপচয় নকৰিব।

৫. সফল মানুহৰ জীৱনী পঢ়ক।

সফল মানুহবোৰৰ জীৱনত বহুত অবিজ্ঞতা থাকে,  যেনে সফল হোৱা বা বিফল হেয়ে আপুনি যেতিয়া সফল মানুহৰ জীৱনী পঢ়িব তেতিয়া তাৰ পৰা বহুত কথা শিকিব পাৰিব।  আৰু সেইখিনি জ্ঞানত অনাগত দিনত আপোনাক সফল হ'বলৈ সহজ কৰি তুলিব।
হেয়ে সফল হ'বলৈ সফল মানুহৰ জীৱনী পঢ়া উচিত।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ জীৱনত সফলতা পাবলৈ ৫ টা টিপছ জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Tags

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !