অসমীয়া ৰোমাণ্টিক গল্প | প্ৰেমৰ কাহিনী | Assamese Love Story

0
প্ৰেমৰ কাহিনী

অসমীয়া ৰোমাণ্টিক গল্প

এজন ল'ৰাই এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল।

    কলেজত সদায় ল'ৰাজনে ছোৱালী জনীক সৰু-সুৰা সহায় কৰি দিছিল আৰু তাৰ বদলি যেতিয়া ছোৱালী জনীয়ে তাক thanx বুলি কয় তেতিয়া তাৰ সুখৰ সীমা নোহোৱা হৈছিল
     
    এদিনৰ কথা, দুয়ো খুজ কাঢ়ি কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছে তেনেতে হঠাৎ বৰষুণ আহিল আৰু দুয়ো গৈ উচৰতে থকা গছ এজোপাৰ তলত ৰ'ল বৰষুণৰ পৰা হাত সাৰিবলৈ।
   ল'ৰা জনে ছোৱালী জনীক নিচেই কাষত পাই নিজৰ মনক বান্ধি ৰাখিব নোৱাৰিলে আৰু সি ছোৱালী জনীক প্ৰপ'জ কৰিলে॥

ল'ৰা: i love you দিপ্তী🌹মই তোমাক  বহুত ভাল পাওঁ ।

(ছোৱালী জনীয়েও ল'ৰা জনক ভাল পাইছিল সেইহে তাইও প্ৰ'পজেল এক্সেপ্ত কৰিলে)

দিপ্তী: প্ৰনৱ মোৰো তোমাক ভাল লাগে 😊

দুয়োৰে মাজত প্ৰেম ভালপোৱা বাঢ়ি যাব ধৰিলে আৰু এদিন দুয়োৰে কলেজ শেষ হ'ল ॥

   প্ৰনৱে চহৰৰ কোম্পানী এটাত চাকৰী পালে আৰু সি চাকৰী পোৱাৰ কথা দিপ্তীক জনালে, সিঁহত দুয়োৰে ঘৰৰ মানুহে  প্ৰনৱক কলে যে চহৰলৈ যোৱাৰ আগতে তোমালোক দুয়োৰে এঙ্গেছমেন্ট কৰি দিওঁ ॥
    কথাতো শুনি প্ৰনৱ আৰু দিপ্তী দুয়োৰে মনত সুখৰ নদী ব'ব ধৰিলে॥
    কথা মতেই কাম, এঙ্গেছমেন্ট হৈ গ'ল আৰু প্ৰনৱ চহৰলৈ গুছি গ'ল,সদায় গধূলি প্ৰনৱে দিপ্তীলৈ ফোন কৰে বহু সময় ধৰি দুয়োৰে মাজত কথা বাৰ্তা হয়।

    এদিনৰ কথা, প্ৰনৱৰ জন্মদিন আছিল সেইদিনা, দিপ্তী আৰু তাইৰ মাক দেউতাক গাড়ি লৈ উলাই গ'ল প্ৰনৱক চাৰপ্ৰাইজ দিবলৈ বুলি কিন্তু তেওঁলোকৰ  গাড়ি এক্সিডেন্ট হ'ল, দিপ্তীয়ে চকু মেলি দেখে তাইৰ মাক দেউতাকে আঘাত পাইছে, তাইৰো শৰিৰত বহু আঘাত পাইছে,তাই মাক দেউতাকক চিঞৰি মাতিছে কিন্তু মাক দেউতাকৰ কোনো উত্তৰ নাইপোৱা, দেখিছে মাথো কিছুমান মানুহে তেওঁলোক তিনিওকে গাড়িত উঠাই হাস্পিতেললৈ লৈ গৈছে ।
     মাক দেউতাকৰ লগতে দিপ্তীও সুস্থ হৈ পৰিল কিন্তু দিপ্তীৰ কণ্ঠ হেৰাই গ'ল, তাই আৰু কোনো দিন কথা পাতিব নোৱাৰিব, বোবা হৈ পৰিল তাই নিমিষতে ।

    ১ ঘন্টা ধৰি দিপ্তীৰ ফোনত প্ৰনৱৰ কল আহিছে কিন্তু তাই কল ৰিছিভ কৰা নাই তাই কেৱল কান্দিছে আৰু তাইক দেখি মাক দেউতাকৰো চকুলো নোৰোৱা হৈছে, হঠাৎ যে কিহৰ পৰা কি হৈ গ'ল ।

   পাছদিনা আকৌ সেই প্ৰনৱৰ ফোন আহিব ধৰিলে, বহুতো মেছেজ আহিলে কিন্তু দিপ্তীয়ে তাৰ একো উত্তৰ দিব নোৱাৰিলে ।
   তাই প্ৰনৱলৈ এখনি চিঠি লেখিলে...

     প্ৰনৱ তুমি আৰু মোলৈ কেতিয়াও কল মেছেজ নকৰিৱা মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো
   (চিঠিৰ লগত প্ৰনৱে পিন্ধুৱা আঙুঠিতো পথালে).

    প্ৰনৱে চিঠিখন পাই আচৰিত হ'ল আৰু দুদিন পাছত সি দিপ্তীৰ ঘৰলৈ আহিলে কিন্তু দিপ্তীৰ মাক দেউতাকে দিপ্তীক লগত লৈ অন্য ঠাইত গুছি গৈছে ।

   দিপ্তীয়ে লাহে লাহে ইঙ্গিতেৰে কথা পাতিবলৈ শিকিব ধৰিলে আৰু তেনেদৰেই ৬মাহ পাৰ হৈ গ'ল আৰু এদিন প্ৰনৱৰ বন্ধু এজন আহি উলাল দিপ্তীৰ ঘৰত তেখেতে দিপ্তীক এখন চিঠি দিলে দিপ্তীয়ে চিঠি খন পঢ়ি উচুপি উঠিল আৰু তাইও  এখন চিঠি লিখি বন্ধু জনৰ হাতত দিলে প্ৰনৱলৈ বুলি আৰু বন্ধু জনক ইঙ্গিতেৰে কলে আৰু মোৰ উচৰলৈ নাহিব মই বোবা হৈ পৰিলো মই আৰু কেতিয়াও কথা পাতিৱ নোৱাৰো বন্ধু জন গুছি গ'ল আৰু দিপ্তীয়ে আকৌ হুকহুকাই কান্দি উঠিল॥

   ১ বছৰ পাৰ হৈ গ'ল দিপ্তী সেই আগৰ দৰেই আছে সদায় প্ৰনৱৰ কথা মনত পেলাই কান্দে আৰু মাক দেউতাকক দেখোৱাই সুখী থকাৰ অভিনয় কৰে ।

  আজি আকৌ হঠাৎ প্ৰনৱৰ সেই বন্ধু জন আহি দিপ্তীৰ সন্মুখত ঠিয় দিলে, তেওঁৰ হাতত আজি চিঠি নহয় তেওঁ আজি লৈ আহিছে এখন বিয়াৰ ইন্ভেতিচন কাৰ্ড,

     প্ৰনৱে বিয়া পাতিছে তাকে তোমাক জনাবলৈ আহিলো ॥

( বন্ধু জনে কথাবোৰ কৈ গ'ল আৰু দিপ্তীয়ে মনৰ মাজতে উচুপি উচুপি কথাবোৰ শুনি গ'ল)

    দিপ্তীয়ে কাৰ্ড খন খুলি চালে আৰু তাই আচৰিত হৈ পৰিল ই কি কন্যাৰ নামৰ ঠাইত তাইৰ নাম লেখা আছে "দিপ্তী"

   তেনেতে প্ৰনৱ গাড়িৰ পৰা নামি আহিল আৰু দিপ্তীৰ সন্মুখত ঠিয় হৈ এজন বোবা মানুহৰ দৰেই ইঙ্গিতেৰে কৈ গ'ল,,,
    মই তোমাক বহুত ভাল পাওঁ তোমাৰ বাদে মই কাকো ভাল পাব নোৱাৰো আজি ১ বছৰ দিন ধৰি মই ইঙ্গিতেৰে কথা পাতিবলৈ শিকিছো কেৱল তোমাৰ বাবে এতিয়াতো তোমাৰ কোনো আপত্তি নাই মোৰ লগত বিয়া হ'বলৈ ।

(দিপ্তীয়ে প্ৰনৱক সাৱটি ধৰিলে নিজৰ হেৰুৱা প্ৰেমক ঘুৰাই পোৱাৰ সুখে দুয়োৰে চকুত দুটোপাল চকুপানী বোৱালে)


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ অসমীয়া ৰোমাণ্টিক গল্প যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু অসমীয়া ৰোমাণ্টিক গল্প পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !