মন যায় কবিতা | Assamese Poems

0
মন যায় কবিতা

কবিতাৰ শিৰোনামঃ মোৰ মন যায়

মোৰ মন যায়
এজন সৈনিক হ'বলৈ
শক্ৰৰ হাতৰ পৰা
দেশমাতৃক বচাবলৈ। 

মোৰ মন যায়
পানী হ'বলৈ
মানৱ দানৱৰ
হৃদয়ৰ কূট-নীতি
ধুই নিকা কৰিবলৈ। 

মোৰ মন যায়
এজন নিপুন শিল্পী হ'বলৈ
বিচিত্ৰময় সংসাৰখনৰ
এখন ছবি আঁকিবলৈ। 

মোৰ মন যায়
সূৰ্য্য হ'বলৈ
উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি
সমানে পোহৰ বিলাবলৈ। 

মোৰ মন যায়
এজন ডাক্টৰ হ'বলৈ
মানৱ দানৱৰ হৃদয়ৰোগ
চিকিৎসা কৰিবলৈ। 

মোৰ মন যায়
এজন নেতা হ'বলৈ
খণ্ডিত বিশ্বক, 
অখণ্ডতা কৰিবলৈ।

✍ মন্তোষ শুক্ল বৈদ্য


কবিতাৰ শিৰোনামঃ মন যায়

মন যায় মোৰ সুপ্ৰভাতক আদৰিবলৈ
জুৰ মলয়াৰ শীতল মৰম পাবলৈ
মন যায় মোৰ কুলিৰ শুৱলা মাত শুনিবলৈ
মন মগজুত প্ৰেমেৰে ওপচাই তুলিবলৈ
মন যায় মোৰ ভোমোৰা হৈ ফুলনিত উৰি থাকিবলৈ
ফুলৰ ৰস পানেৰে সৰগীয় আমেজ পাবলৈ
মন যায় মোৰ নদীৰ পাৰে পাৰে ফুৰিবলৈ
সাগৰ সংগমত ঢৌ হৈ মিলনৰ পৰশ পাবলৈ
মন যায় মোৰ প্ৰকৃতিৰ দৃশ্য উপভোগ কৰিবলৈ
মনৰ ভাৱনাৰে কল্পনাৰ কবিতা ৰচনা কৰিবলৈ
মন যায় মোৰ সুৰৰ কৰণিত গীতৰ কলি হবলৈ
সংগীতৰ তালেৰে হৃদয়ত প্ৰেম ভাৱ জগাবলৈ
মন যায় মোৰ সপোনত সপোন দেখিবলৈ
মনৰ আশাবোৰ সপোনতে পুৰণেৰে সতেজ হবলৈ
মন যায় মোৰ সুগন্ধিৰে ভৰা  সুবাস লবলৈ
অনুভৱত প্ৰেয়সীৰ সতে মৰমৰ কথা পাতিবলৈ ৷৷

✍ আব্দুল কাদিৰ খান
   বৰপেটা ৰোড
০৯-০১-২০২১ইং


কবিতাৰ শিৰোনামঃ মন যায়

তোমাৰ মায়াসনা চকুজুৰি
কলা চচমা হৈ ঢাকি ৰাখিবৰ মন যায় 
লিপষ্টিক হৈ তোমাৰ ওঁঠত
নিজকে বিলীন কৰিবৰ মন যায়

তোমাৰ উফন্দি থকা বুকুখনি
উৰণি হৈ ঢাকি ৰাখিবৰ মন যায়
মসৃণ,ঘন,কলা তোমাৰ চুলিখিনিত
দুহাত বুলাই মৰম কৰিবৰ মন যায়

হৃদয়ত আঘাত সনা সুন্দৰী তুমি
চাই থাকিলেও হেঁপাহ নপলায়
অযুত মৰমৰ বিনিময়ত তোমাক
নিজৰ কৰি লবলৈ মন যায়

তোমাৰ দুখৰ অন্ত পেলাই 
মুখত হাঁহি ফুটাবৰ মন যায়
জীৱনৰ দুঃখ কষ্ট পাহৰাই
দুবাহুত আঁকোৱালি লবলৈ মন যায়।

✍ ছেলিমা খাতুন
হাউলী


কবিতাৰ শিৰোনামঃ মন যায়

মোৰ মন যায় কবিতাৰে জগত জিনিবলৈ
কবিতাৰ মাজেৰে মনৰ ভাববোৰ প্ৰকাশ কৰিবলৈ।
ভাল লাগে মোৰ কবিতা পঢ়ি
কবিৰ মনৰ ভাববোৰ হৃদয়ংগম কৰি।
মনৰ কোনোবা কোণত দোলা দি থাকে
বিচাৰি নাপাওঁ শব্দ কবিতাত ৰূপ দিবলে।
জীৱনৰ সৰু-বৰ কথাৰেই কবিতা লিখোঁ
কবিতা হয়নে নহয় তাক নাজানিলো।
হয়তো কোনোবাই হাঁহিব পাৰে নতুন কবি বুলি...
তথাপিও নালাগে বেথা সৰু হৃদয় খনিত।
হাঁহিলেও হাঁহক নকৰোঁ লাজ
হাঁহোতাইও কৰিছিল কবিতা পাঠ। 
সৰুতে সকলোৱেই কবিতা পঢ়ে
সময়ৰ লগে লগে তাক পাহৰিলে।
কবিতাক দিওঁ মই উচ্চ আসন
প্ৰাচ্য-পাশ্চাত্য সকলোতে কবিতাই দেখোন।
কবিতা নহ'লে যেন নহয় অসমীয়া পাঠ
কবিতাই দিয়ে এক নতুন ৰসৰ স্বাদ।
বৈদিক যুগতেই হৈছিল শ্লোকৰ জন্ম
সংস্কৃতত ৰূপ সলায় অসমীয়াত কৰিলে পদাৰ্পন্ন।
হ'ব পাৰে ই শ্লোকত বৰ্ণিত
তথাপিও ই এক কবিতাৰেই অংশ।
শ্লোক গুচি আজি কবিতা হ'ল
সকলোৱে তাক আদৰি ল'ল।
ব্ৰজাৱলী ভাষাও আজি নাইকিয়া হ'ল
অসমত অসমীয়া আপোন হৈ গ'ল।
মনে প্ৰাণে ভাল পাওঁ মই অসমীয়া ভাষা
অসমত অসমীয়া হওক যাউতিযুগীয়া।
কবিতাৰ আৰম্ভণিৰ ব্যাখ্যা নোৱাৰি কৰিব শেষ
ই যে আমাৰ এক জীপাল পৰিৱেশ।
গুৰুজনাইয়ো লিখিছিল কোমল কবিতা
"কৰতল কমল কমলদল নয়ন"
ইও এক ঈশ্বৰৰে লীলা।
হৃদয়ংগম কৰোঁতাইহে বুজে কবিতাৰ কথা
সেয়ে কবিতা পঢ়ি হৃদয়ংগম কৰিবলৈ শিকা।
কবিতাতেই প্ৰাণ পাই সকলো কথা
কবিৰ মনৰ ভাববোৰ কবিতাতেই পাবা।
                
                  ✍️প্ৰতিভা বৰা
                        যোৰহাট
                    ১৪/০৬/২০২১



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ মন যায় কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু মন যায় কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !