কবিতা নং- ১ শিৰোনামঃ মা
কবিতা নং-২ শিৰোনামঃ মা
কবিতা নং-৩ শিৰোনামঃ তোমাৰে মুখনি মনলে আহে অʼ মা
ফুলৰে হাঁহি ফুলনিত যেতিয়া দেখোঁ
তোমাৰে মুখনি মনলে আহে অʼ মা
মৰহা ডালৰ দৰে এই জীৱনক
থিতাতে ফুলাম কৰি দিয়া অʼ মা
পখীৰে গীত বননীত যেতিয়া শুনো
তোমাৰে মিঠা মাত শুনি পাওঁ অʼমা
বেসুৰ বীণৰ দৰে কঠুৱা মনক
গীতিময় সবাহ কৰি দিয়া অʼমা
তোমাৰে মুখনি মনলে আহে অʼ মা
তোমাৰ কোমল বুকুত টোপনি যোৱা
তোমাৰ ওমাল কোলাত উমলি ৰোৱা
শৈশৱৰ সোণোৱালী সেই দিনবোৰ
সোৱঁৰনী যতনে আজিও সামৰি থোৱা
পুৱতি তৰাৰ তিৰবিৰনী যেতিয়া দেখোঁ
মৰমী চকুজুৰি মনলে আহে অʼমা
ভাগৰি মোলান পৰা চিত গহনক
জেউতিৰে উজলাই তোলা অʼমা
তোমাৰে মুখনি মনলে আহে অʼ মা
তোমাৰ মুখেৰে নিগৰা নীচুকনী গীত
আঙুলি ধৰি প্ৰথম খোজ দিয়া পদুলিত
কণমানি হাতেৰ তোমাক সাৱটি ধৰি
মা বুলি চুমা খাই হৈ পৰা উলসিত
কুহিঁপাতৰ উঁকমুক বʼহাগত চাওঁ
তোমাৰে হাঁহি বিৰিঙে যেন অʼমা
চেতনাৰ শুকান পাতৰ জাপক
অপৰূপ ৰেঙনিয়ে শুৱাই অʼমা
তোমাৰে মুখনি মনলে আহে অʼ মা
নিজৰ ভাতমুঠি সন্তানক তুলি দিয়া
নৰীয়া পাটিৰ শেতেলীত উজাগৰীয়া
আঘাত পালে নীৰৱে চকুলো টুকি
মৰমেৰে বেথাখিনি আঁতৰাই নিয়া
জুৰ মলয়াৰ পৰশ যেতিয়া পাওঁ
তোমাৰ হাতে যেন চুই দিয়ে অʼমা
চাকনৈয়াত দিশহাৰা হৈ পʼৰা জনক
থাউকতে সাৱটি লোৱা যেন অʼমা
তোমাৰে মুখনি মনলে আহে অʼ মা
- জ্যোতিষ (১০/০৫/২০২০)
কবিতা নং-৪ শিৰোনামঃ মা" তই বাৰু আকৌ আহিবি নে...?
"মা" তই গুচি যোৱা আজি দহ দিনেই হল।
কেনেকৈ যে আছ
কি যে কৰিছ
একোৱেই নাজানো।
কেৱল তোৰ অনুপস্থিতি বোৰ খোজে খোজে অনুভৱ কৰিছো ।
জান মা তই নথকা ঘৰ খন
এতিয়া বৰ উকা হৈ পৰিল অ,
ঘৰ খনত এতিয়া কেৱল দেউতা আৰু মোৰ বাহিৰে আৰু কোনোৱেই নাই অ মা...
দেউতালৈ বেয়াই লাগে এনেই অসুস্থ
তাতে এই দহ দিনত আৰু বেমাৰি যে হৈ পৰিল।
খাবলৈ দিলেও নাখায়
কেৱল চকি খনতে বহি কিবা ভাবি থাকে
কিনো ভাবিব আৰু তোৰ কথাকে চিন্তা কৰি থাকে।
আমি বৰ অসহায় হৈ পৰিছো অ মা...
না ভালকৈ কিবা খাব পাৰিছো
না ভালকৈ শুব পাৰিছো।
কেৱল তোৰ কথা ভাবি কান্দিছো,
অ মা...তই বাৰু ইমান সোনকালে কিয় গুচি গলি ক চোন ?
মা...মা... বুলি বিনা কথাত চিঞৰি থাকিলে তই যে গালি পাৰিছিলি।
এতিয়া চিঞৰি চিঞৰি কান্দি কান্দি তোক মাতি আছো
তই যে আজি গালি পৰা নাই কিয় মা...
পাৰ আকৌ গালি
পিঠিতে ঢকা এটা দে
তোৰ ঢকা এটা খাবলৈ আজি বৰকৈ মন গৈছে অ মা...
সেই বাবে চিঞৰিছো চাঁ...তই
চিঞৰি চিঞৰি কান্দিছো।
মই যে বৰ অকলশৰীয়া হৈ গলো অ মা...মোৰ দেখোন আপোন বুলি কবলৈ আৰু কোনোৱেই নাই ।
এসাজ নোখোৱাকৈ থাকিলে তই গালি পাৰি খোৱাইছিলি
কিন্ত্ত এতিয়া তিনি সাজ লঘোনে থাকিলেও সোধোতা কোনো নাই,
মা...তই বাৰু আকৌ আহিবি নে?
মোক মাৰিবলৈ,
গালি পাৰিবলৈ
দু গালত চিকুটি
অলপ মান মৰম কৰিবলৈ।
তই আহিবি নে মা...।
✍️Wahidur Rahman
কবিতা নং-৫ শিৰোনামঃ কষ্টৰ পালতৰা নাঁও
মা!
লুইতৰ চাপৰিত
সেই যে পেলাই থৈ গুছি গ'লা
তুমি মোক......
কিমান যে আশাৰে
বাট চাই ৰ'লো
তুমিতো নাহিলাচোনেই দেখোন।
মই তোমাক মাতিবই খুজিছিলো
আপ্ৰাণ চেষ্টাৰে,
কিন্তু মই যে
তেনেই সৰু আছিলো মা!
মই তো বৰকৈ কান্দিছিলো
তুমি বুজি নাপালা।
তুমিতো মা মানুহ.....
বুজি পাব নেলাগিছিল নে তোমাৰ?
তুমি গুচি যোৱা ওভতি নহাৰ দেশত
মোকো লৈ যাব পাৰিলাহেতেন মা!
দেউতাকেও মোক গ্ৰহণ নকৰিলে
গ্ৰহণ কৰিলে মাথো
মোক বেচি হাতত পোৱা নোট কেইটামান হে।
নিজৰ নামৰ আগত লিপিত খাই পৰা
এক কষ্টময় অপযশ (বাজী),
যাক দূৰীভুত কৰাৰ বাবে
কোনোবাই মোক ক্ৰয় কৰিলে।
অপযশ দূৰ হ'ল,
মই হৈ পৰিলো
এক প্ৰাক্তন প্ৰয়োজন।
নাই......
মোৰ মূল নাই।
দিন উকলিল.....
গাভৰুৰ মনোমোহা দলিচাত ভৰি দিলো,
ভাবিলো হয়তো সময়ৰ পাৰ্শ্ব পৰিৱৰ্তনৰ সময় আহিল।
বিষাদগ্ৰস্ত অতীতক স্মৃতিৰ পৰিবেষ্টনিৰ পৰা মুক্ত কৰি নতুন সপোন ৰচিলো ।
জীৱনৰ স'তে সংযুক্ত কৰিলো
আৰু এটি জীৱনক।
সাচ্ছন্দ্যতাই গজালি মেলিব ধৰিলে।
কিন্তু জানা নে মা?
সেই সকলোকে সংকুচিত কৰি
বিড়ম্বনাৰ পোকে মোৰ প্ৰতিটো ভৰষাক শিৰচ্ছেদ কৰিলে।
এতিয়া মই কষ্টৰ পালতৰা এক প্ৰকান্ড নাৱৰ একমাত্ৰ যাত্ৰী হৈ
দিনৰ পৰ দিন ভাঁহি ফুৰিছো।
পাৰা যদি মা!
তোমাৰ এধানি কষ্ট
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।
বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।