নতুন প্রভাতৰ কবিতা । Poem In Assamese |

 

Assamese Poem


      নতুন প্ৰভাত

জ্ঞানৰ জ্যোতিৰে জীৱন দিপ্তীমান  ।

সুস্থিৰ কৰ্মপ্ৰচেষ্টাতাৰে

অজ্ঞান অন্ধকাৰ দূৰ কৰি

জীৱনে ৰ'চে ইতিহাস 

জীয়াই থকাৰ এক নতুন যাত্ৰা ।

অস্থায়ী মানৱ দেহা 

অভিনয় শেষ হ'লে

ৰৈ যাব খোজ সময় বালিত  ।

চকুৰ চিনাকি মাথোঁ দুদিনৰ

অসীমৰ ৰুপ তৃষ্ণা

সমীপত মাৰ যাব  ।

নিয়তিৰ নিষ্ঠুৰ অভিধানৰ

এটি অপ্ৰতিৰোধ্য

অপৰাজেয় শব্দ  ।

চিৰচালিত নিয়মৰ  চিৰন্তন সত্য 

দুখদায়ক হৃদয়বিদাৰক স্বপ্ন  ।

জীৱন নদীৰ পাৰঘাটত 

জীৱন নদীৰ কালসোঁতত

কিমান দিন বাকী আৰু 

তাক উপলব্ধি নকৰো আমি

কিমান দূৰ পালোঁ

কিমান দূৰ বাকী - - - - - - -    ?


জয়ন্ত বৰা 

ঢেকীয়াজুলি

তাৰিখ :২/১/২০২১


ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ নতুন প্রভাতৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু নতুন প্রভাতৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

Previous Post Next Post