স্বামী বিবেকানন্দৰ জীৱনৰ ২টা কাহিনীৰ পৰা জীৱনৰ বহু ডাঙৰ শিক্ষা লাভ কৰিব পাৰিব।

0
স্বামী বিবেকানন্দই কৈছিল, জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰা। নিজৰ সম্পূৰ্ণ শৰীৰ সেই লক্ষ্যটোৰে ভৰাই তোলা আৰু বাকী সকলো বিচাৰ মনৰ পৰা উলিয়াই দিয়া। এয়াই সফলতাৰ মূলমন্ত্ৰ। আমি বহুতেই ড৹ এপিজে আব্দুল কালামক নিজৰ আদৰ্শ হিচাপে মানো। কিন্তু তেওঁৰ আদৰ্শ কোন আছিল জানেনে ? আব্দুল কালাম, সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ শাস্ত্ৰীকে আদি কৰি বহু গুণী জ্ঞানী ব্যক্তিৰ আদৰ্শ আছিল স্বামী বিবেকানন্দ।

ৱনৰ ২টা কাহিনীৰ পৰা আমি জীৱনৰ বহু ডাঙৰ শিক্ষা লাভ কৰিম।


১. এবাৰ স্বামী বিবেকানন্দই এখন নদী পাৰ হ'বৰ বাবে নদীখনৰ পাৰত ৰৈ আছিল। তেনেতে এজন সাধু আহি উপস্থিত হ'ল আৰু সুধিলে "তুমিয়েই স্বামী বিবেকানন্দ নেকি ? স্বামীজীয়ে ক'লে হয়। ময়েই স্বামী বিবেকানন্দ। মই নদীখন পাৰ হ'বৰ বাবে নাৱৰ অপেক্ষাত আছোঁ। তেতিয়া সাধুজনে ক'লে তোমাক টো ইমান মানুহে নিজৰ প্ৰেৰণাৰ উৎস বুলি মানে, আৰু তুমি এখন সাধাৰণ নদী পাৰ হ'ব নোৱাৰা ? মই দেখুৱাই আছোঁ চোৱা বুলি কৈ সাধুজনে খোজকাঢ়ি নদীখন ইপাৰৰ পৰা সিপাৰ হৈ দেখুৱালে। আৰু ক'লে চোৱা মোৰ ওচৰত ইমান শক্তি আছে, প্ৰতিভা আছে জ্ঞান আছে তথাপিও মোক কোনোৱে চিনি নাপায়।

কিন্তু তোমাৰ ওচৰত একো শক্তি নাই, জ্ঞান নাই তথাপিও তোমাক সকলোৱে চিনি পায়। স্বামীজীয়ে মিচিঅইয়াই সুধিলে, তোমাক এই বিদ্যা আয়ত্ব কৰিবলৈ কিমান সময় লাগিছিল ? সাধুৱে ক'লে ১৫ বছৰ । এনেতে স্বামীজীৰ নাওখন আহি পালে আৰু স্বামীজীয়ে সাধুজনকো নাৱত বহুৱাই ল'লে। নদী পাৰ হৈ স্বামী বিবেকানন্দই নাৱৰীয়াজনক ১টকা দিলে অৰ্থাৎ এজন ৫০ পইচাকৈ। আৰু সাধুজনক ক'লে ৫০ পইচাৰ কামটোৰ কাৰণে তুমি জীৱনৰ ১৫ টা বছৰ অবাবত কটালা। তাতকৈ যদি সেই সময়খিনিত সমাজৰ বাবে কিবা এটা ভাল কাম কৰিলাহেতেন তেন্তে তোমাকো সকদোৱে চিনি পালেহেতেন। তোমাৰ দৰেই আৰু বহুলোক আছে যিয়ে জীৱনৰ মূল্যবান সময়বোৰ এনে কিছুমান কামত পাৰ কৰি দিয়ে যিবোৰৰ বাস্তৱ জীৱনত একো গুৰুত্ব নাথাকে। গতিকে সময়তকৈ মূল্যবান এই পৃথিৱীত আৰু একো নাই। যদি সময় নষ্ট তেন্তে জীৱনো নষ্ট।

২. এবাৰ স্বামীজী গুৰু ৰামকৃষ্ণ পৰমশংখৰ সৈতে এফালে গৈ আছিল। বাটত তেওঁলোকে এজন মানুহে শিল কাটি কাটি কিবা এটা নিৰ্মাণ কৰি থকা দেখা পালে। ৰামকৃষ্ণদেৱে সুধিলে "তুমি কি নিৰ্মাণ কৰি আছা?" মানুহজনে ক'লে মই এজন ৰজাৰ মূৰ্তি নিৰ্মাণ কৰি আছোঁ।" ৰামকৃষ্ণ পৰমশংসই সুধিলে তোমাৰ ওচৰত ৰজাৰ কিবা ফটো বা চিত্ৰ আছে নেকি ? মানুহজনে নাই বুলি কোৱাত ৰামকৃষ্ণ পৰমশংস আচৰিত হ'ল । তেতিয়া মানুহজনে ক'লে , "যদিও ৰজাজনৰ কোনো ফটো মোৰ হাতত নাই, কিন্তু তেওঁৰ ছবি মোৰ মনত স্পষ্টকৈ খোদিত হৈ আছে। এয়া কৈয়েই তেওঁ সঁচাই এজন ৰজাৰ সুন্দৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে।
এই সকলো ঘটনা দেখি স্বামীজীয়ে জীৱনৰ এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ পালে‌ । যদি জীৱনত কিবা এটা পোৱাৰ ইচ্ছা প্ৰবল হয় আৰু তাৰ ছবি মনৰ ভিতৰত স্পষ্টকৈ খোদিত কৰি লোৱা হয় , তেন্তে সেই লক্ষ্যত উপনীত হোৱাটো নিশ্চিত।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !