কিন্তু যেতিয়া তেওঁ আৰ্থিক ভাৱে একেবাৰে কোঙা হৈ পৰিল তেতিয়াহে উপলব্ধি কৰিলে যে তেওঁ আপোন বুলি ভবা মানুহেই তেওঁক কিমান বিশ্বাস ঘাতকতা কৰিলে। ভোলাশেঠে এতিয়া দিনৰ দিনটো কেৱল এই ঘটনাবোৰৰ কথা ভাবিয়েই বহি থাকে আৰু নিজকে দোষী থাকে। পত্নীৰ সৈতে সম্বন্ধটো প্ৰভাৱ পৰিবলৈ ধৰিলে। পত্নীৰ চকুলৈ চাবলৈও তেওঁৰ সাহস নহয়। ইফালে প্ৰতিদিনেই চোতালত ধাৰলৈ লোৱা টকা ঘূৰাই বিচাৰি অহা মানুহৰ ভিৰ। এই সকলোবোৰৰ পৰা অতিষ্ঠ হৈ তেওঁ এদিন আত্মহত্যা কৰাৰ সিদ্ধান্ত ল'লে। আত্মহত্যা কৰিবলৈ এখন পাহাৰৰ দিশে যাত্ৰা কৰোঁতেই তেওঁ এখন আশ্ৰম দেখা পালে। খুব শান্ত আৰু নিৰিবিলি পৰিৱেশত এখন মহাত্মাৰ আশ্ৰম আৰু তাতেই মহাত্মাই তেওঁৰ চাৰিওফালে বহি থকা শিষ্যসকলক তেওঁলোকৰ সমস্যাৰ সমাধান দি আছে। তাকে দেখি ভোলাশেঠৰ মনতো কৌতূহল জাগিল। আশ্ৰমৰ পৰা ওলাই অহা এজন ব্যক্তিক শেঠে মহাত্মাৰ বিষয়ে সুধিলে। ব্যক্তিজনে ক'লে এই মহাত্মা জন তেখেতৰ বুদ্ধিমত্তাৰ বাবে এই অঞ্চলত যথেষ্ট প্ৰসিদ্ধ।
তেখেতে মানুহৰ মন সহজে পঢ়ি পেলাব পাৰে আৰু যিকোনো সমস্যাৰ সমাধান দিব পাৰে। কিয়নো তেখেতে মনৱ স্বভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছে। তেখেতে যিকোনো ব্যক্তিক তেখেতৰ কথা মানিবলৈ সহজে বাধ্য কৰোৱাব পাৰে। সেয়েহে মহাত্মাক চতুৰ সন্ত বুলিও কোৱা হয়। যদি তোমাৰো জীৱনত কিবা সমস্যা আছে তেন্তে তুমিও তেখেতৰ সহায় ল'ব পাৰা। ভোলাশেঠ লগে লগেই ভিতৰলৈ গ'ল আৰু ভিৰৰ শেষত মনে মনে বহি ৰ'ল। সন্ধিয়ালৈ সকলো ব্যক্তি গৈ শেষ হোৱাৰ পিছত ভোলাৰ পাল পৰিল। ভোলাই এফালৰ পৰা নিজৰ সকলো সমস্যাৰ কথা মহাত্মাৰ আগত বিৱৰি ক'লে। মহাত্মাই মনোযোগেৰে কথাখিনি শুনিলে আৰু ক'লে যে মানুহ ইমনো বেছি সহজ সৰল হ'ব নালাগে যে যিয়েই যি কয় তাকেই সঁচা বুলি ভাবিব আৰু যি কৰিবলৈ কয় তাকেই কৰিব। মানুহৰ মাজত অকণমাণ বিচাৰ বুদ্ধি আৰু চতুৰতা থাকিব লাগে।
চতুৰতাৰ অৰ্থ এয়া নহয় যে আনক কিবা হানি কৰাটো চতুৰ হ'ব লাগে নিজেই আনৰ চতুৰতাৰ পৰা বাচি থাকিব পাৰে, নিজৰ লোকচান হোৱাৰ পৰা বাচে আৰু আন দুৰ্বল মানুহক সহায় কৰিব পাৰে। আজি তোমাক মই এনে কিছু উপায় শিকাম যাৰ দ্বাৰা তুমি আন মানুহ আৰু পৰিস্থিতিক বশ কৰিব পাৰিবা আৰু লগতে এয়াই জানিব পাৰিবা যে চতুৰ মানুহক কেনেকৈ চিনিব পাৰি । কিন্তু এই উপায় সমুহ কেৱল নিজৰ আৰু আনৰ ভালৰ বাবেহে ব্যৱহাৰ কৰিবা।
পৃথিৱীত এনে বহু মানুহ আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে। কিন্তু তুমি তেওঁলোককক কেনেকৈ চিনিবা ? মন কৰিবা কিছুমান মানুহে এটা কথা বহুত বেছি বুজাবলৈ চেষ্টা কৰে। তোমাৰ বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথা বাৰে বাৰে ক'ব।
তেওঁলোকে আচলতে নিজৰ মিছা কথা বোৰেৰে তোমাক মূৰ্খ সজাবলৈ চেষ্টা কৰি থাকে। এনে মানুহে বহুত বেছি উদাহৰণ বা তথ্য দিয়ে যাতে তুমি তেওঁক বিশ্বাস কৰি লোৱা। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ এটা উপায় আছে। তুমি তেওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ শুনিবা। তেতিয়া তেওঁলোকে একেখিনি কথাই কৈছে নে নাই তাতেই প্ৰমাণ পাবা সঁচা নে মিছা কৈছে । আৰু আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিবা। কাৰণ যিয়ে আনক মিছা ক'ব পাৰে তেওঁ তোমাকো মিছা ক'ব পাৰিব। এনেকুৱা মানুহৰ পৰাও সাৱধান থাকিবা যিয়ে কয় যে " মোৰ এটা সময়ত বহুত টকা আছিল এতিয়াহে মই দেৱলীয়া হ'লো" হ'ব পাৰে তেওঁ মিছা কৈছে । আৰু হ'ব পাৰে যে তেওঁ কোৱা কথাটো সঁচা গতিকে এনে ব্যক্তিৰ লগত কেতিয়াও টকা পইচাৰ লেনদেন নকৰাই ভাল। আৰু এনে অসমৰ্থ ব্যক্তিৰ পৰা জীৱনত দূৰত্ব বজাই ৰখাই উচিত। আৰু যিজন মানুহে বাৰে বাৰে নিজৰ কথাটো দোহাৰি থাকে, কথাই প্ৰতি প্ৰতিশ্ৰুতি দিয়ে , শপত খাই তেনে মানুহো মিছলীয়া হ'ব পাৰে।
তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়েই তুমি বিচৰা মতে পৰিণাম পাবা তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজেই পাব নোৱাৰে। গতিকে তোমাৰ কামটো কৰোৱাবলৈ হ'লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে তেওঁ যিটো নিজে পাব নোৱাৰে সেয়া তুমি তেওঁক দিব পাৰিবা। ইয়াক আৰু প্ৰভাৱশালী কৰাৰ দুটা উপায় -
১. তেওঁলোকে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে। মাত্ৰ সিমানেই কয় যিমান আমি জনাটো তেওঁলোকে বিচাৰে ।
২. তেওঁলোকে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে। যাতে ভিৰৰ মাজত নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে।
৩. মানুহৰ ভাৱনাৰ লগত খেলে অৰ্থাৎ নিজৰ সুবিধা মতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে। কিন্তু কেৱল আনক দেখুৱাবলৈ। কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, কেতিয়াবা বন্ধুসুলভ , কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয়, তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব।
৪. সকলো সহানুভূতি পাব বিচাৰে। নিজকে একেবাৰে বেচেৰাৰ দৰে দেখুৱায়। তেওঁলোকৰ বাবে আপোনাৰ সমস্যাৰ মূল্য নাই। এনেকুৱা দেখুৱাব যেন তেওঁৰ সমস্যাতকৈ ডাঙৰ সমস্যা এই সময়ত আৰু একো নাই।
৫. তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণ কৰিব বিচাৰিব যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়। তুমি যিমানেই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বা সিমানেই তোমাৰ সুযোগ ল'ব। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁৰ হোৱাটোৱেই বিচাৰে। যাতে সকলোৰে আকৰ্ষণ তেওঁৰ প্ৰতি থাকে। আৰু কথাৰ পাকত পেলায়।
৬. চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজতো নিজে কৰে। কিন্তু গোটেই শ্ৰেয় নিজেই পাব বিচাৰে।
৭. তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলো। তথ্য উলিয়াই ল'ব আৰু সময়ত তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। নিজৰ ৰহস্য কাৰোবাক কোৱাৰ আগত ১০০ বাৰ ভাবা। কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু হৈছে বিশ্বাস ঘাতক বন্ধু। বন্ধু চিনিবলৈ শিকা।
৮. আধৰুৱা তথ্য দিয়া। চতুৰ মানুহজনে সদায় তোমাক সিমানেই ক'ব যিমান তুমি জানিব লাগে বুলি তেওঁলোকে ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিব আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্ৰেয় লৈ যাব।
৯. নিজৰ কথাত কেতিয়াও স্থিৰ নাথাকে। প্ৰয়োজনত নিজৰ কথাৰ স্থিতি সলনি কৰি দিব।
১০. এনে অভিনয় কৰিব যেন তেওঁ একোৱেই নাজানে। এই পৃথিৱীৰ আটাইতকৈ নিষ্পাপ তেৱেঁই। যদিও সেই মূহুৰ্তত তেওঁ নিৰ্দিষ্ট ঘটনাৰ বিষয়ে সকলো জানিও নজনাৰ ভাও ধৰিব আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব। কিয়নো তেওঁলোকৰ মুখৰ পৰা নোলাবলগীয়া কিবা ওলালে যাতে তুমিহে কৈছিলা বুলি কৈ হাত হাৰিব পাৰে । কামৰ ভাৰৰ পৰা সাৰিবলৈও বহুতে নিষ্পাপ শিশুৰ দৰে থাকিব পাৰে।
১১. আনক দোষ দিয়া আৰু আনৰ ওপৰত কাম জাপি দিয়াৰ চেষ্টা। মই নাজানো বুলি কৈ হাত সাৰিব খুজে । বিপদৰ সময়ত নিজৰ ভুলৰ দোষ আশৰ ওপৰত জাপি দিয়ে।
১২. সদায় মিছা প্ৰশংসা কৰিব যেতিয়ালৈকে তেওঁৰ কাযটো হৈ নাযায়। এবাৰ কাম হৈ যোৱাৰ পিছত সেই একেজন মানুহৰে বদনাম গাই ফুৰিব।
১৩.তোমাৰ নিৰ্ণয়ত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। তোমাৰ বিশ্বাস জয় কৰি লোৱাৰ পিছত তোমাৰ নিৰ্ণয় তেওঁ নিজে লোৱাৰ চেষ্টা কৰে। আৰু এইটো প্ৰমাণ কৰিব যে তোমাৰ বাবে একেবাৰে সঠিক সিদ্ধান্ত লৈছে । কিন্তু আচলতে তাৰ লাভ সেই চতুৰ জনৰহে হ'ব।
ভোলাশেঠে নিজৰ সকলো উত্তৰ পালে। মহাত্মাক ধন্যবাদ দিলে আৰু নিজৰ ঘৰলৈ উভতি আহিল ।