আজিৰ কাহিনীটো মন দি পঢ়িলে আপোনাৰ জীৱন সলনি হৈ যাব।

0
এবাৰ এটা হৰিণাই পিয়াহত তত নাপাই পানী বিচাৰি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল। বহু সময় সন্ধান কৰিও ক'তো এটুপিও পানী নাপালে। অৰণ্যখন ঘূৰি ফুৰি শেষত ভাগৰত হৰিণাটো এজোপা গছৰ তলত বহি পৰিল। আৰু তেতিয়াই সি নদীৰ পানী বৈ থকা শব্দ শুনা পালে। লগে লগেই সি সেই শব্দটো বিচাৰি দৌৰিবলৈ আৰম্ভ কৰিলে আৰু দেখা পালে এখন ডাঙৰ নদী। তাৰ এনে অনুভৱ হ'ল যেন সি এটা নতুন জীৱন পালে‌ ।


সি দৌৰি গৈ পানী খাবলৈ মূৰ তল কৰিছেহে মাত্ৰ, তাৰ চকু গ'ল সোঁফালে, এজন চিকাৰীয়ে তাৰ ফালে কাঁড় মাৰিবলৈ লক্ষ্য স্থিৰ কৰিছে। লগে লগে হৰিণাটোৱে বাওঁফালে চালে। দেখিলে এটা বাঘ, তাৰ ফালে চোঁচা ল'বলৈ সাজু হৈছে। সি পানীৰ পিয়াহ সকলো পাহৰি গ'ল। তাৰ পিছত সি পিছফালে চালে, দেখিলে ভয়ংকৰ জুই লাগিছে আৰু জুইকুৰা তাৰফালে আগবাঢ়িছে। ইফালে সমুখত ডাঙ নদীখন। চৌপাশৰ পৰা বিপদে ঘেৰি ধৰিছিল হৰিণাটোক। বাচিবলৈ যেন একো পথ নাই।

গতিকে সি ভাবিলে চাৰিওদিশৰ পৰা মৃত্যু আহিছেই যেতিয়া মই মোৰ কামটো কৰিহে মৃত্যুবৰণ কৰিম। সি সকলো কথা আওকাণ কৰি পানী খাবলৈ ধৰিলে। অকণমান সময়ৰ পিছতে সি দেখিলে যে আকাশখন ডাৱৰে চানি ধৰিছে, বৰষুণ দিবলৈ আৰম্ভ কৰিলে। লগে লগে জুইকুৰা নুমাই গ'ল। বৰষুণৰ বাবে চিকাৰীৰ লক্ষ্য ভ্ৰষ্ট হৈ হৰিণাটোৰ সলনি বাঘটোৰ গাত কাঁড়ডাল লাগিলগৈ। লগে লগেই বাঘটোৰ চকু হৰিণাৰ পৰা আঁতৰি চিকাৰীলৈ গ'ল। হেপাঁহ পলুৱাই পানী খাই উঠি হৰিণাটোৱে চাৰিওফালে চাই চিকাৰী , বাঘ কাকোৱেই দেখা নাপালে। জুইকুৰাও নুমাই গ'ল।

কাহিনীৰ অৰ্থ এয়াই যে, মানুহৰ জীৱনতো এনে সময় আহে যেতিয়া চাৰিওফালৰ পৰা সমস্যাই ঘেৰি ধৰে। আৰু সেই সময়ত সকলোৱে ভয় খায়, হতাশাত ভুগে। কিন্তু তেনেকুৱা নকৰিব। সকলো ভয় শংকা এৰি শান্ত মন মগজুৰে ২ মিনিট বহি কথাবোৰ ভাবিব।

হৰিণাটোৱে হয়তু পানীত জপিয়াই দিব পাৰিলেহেঁতেন নাইবা ইফালে সিফালে পলাবলৈ চেষ্টা কৰিলেহেঁতেন। কিন্তু তাকে নকৰি কথাবোৰ ভাবি সুস্থ সিদ্ধান্ত ল'লে আৰু নিজৰ কামত লাগি থাকিল।

মানুহেও নিজৰ সফলতাৰ একেবাৰে কাষ চাপোতেই সমস্যাই বেৰি ধৰে। কিন্তু সেই সময়ত বিচলিত নহৈ একান্ত মনে নিজৰ কামটোত ব্যস্ত হৈ থাকিলে সফল হ'বই।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !