অসমীয়া কেলেণ্ডাৰ | Assamese Calendar 2022-2023

0

অসমীয়া কেলেণ্ডাৰ

শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে। কিন্তু অধিকাংশ ইতিহাসবিদৰ মতানুসাৰে প্ৰাচীন ভাৰতীয় নৃপতি শালীবাহনৰ প্ৰয়াণ দিৱসৰ পৰায়ে শকাব্দৰ সূচনা হয় বুলি গণ্য কৰা হয়। ৰজা শালীবাহনৰ ৰাজত্বকালত এবাৰ বাহিৰাগত শক জাতি তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। তেতিয়া শালীবাহনে শক সকলক পৰাজিত কৰি 'শকাৰি' উপাধি গ্ৰহণ কৰে। তাৰ পৰায়ে এই বৰ্ষপঞ্জীৰ নাম হয় শকাব্দ।
শকাব্দ এক প্ৰকাৰৰ সৌৰবৰ্ষ। পূৰ্বতে ইয়াৰ মাহ গণনা দিনাংক খ্ৰীষ্টিয় চতুৰ্থ শতিকাত উদ্ভূত প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ 'সূৰ্য সিদ্ধান্ত'ৰ আধাৰত সৌৰবৰ্ষ গণনা কৰা হৈছিল।

শকাব্দ এক প্ৰকাৰৰ সৌৰবৰ্ষ। পূৰ্বতে ইয়াৰ মাহ গণনা দিনাংক খ্ৰীষ্টিয় চতুৰ্থ শতিকাত উদ্ভূত প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ 'সূৰ্য সিদ্ধান্ত'ৰ আধাৰত সৌৰবৰ্ষ গণনা কৰা হৈছিল।এক ৰাশিৰ পৰা আন এক ৰাশিত সূৰ্যৰ আপাত গমনেৰ (মূলতঃ পৃথিৱীৰ বাৰ্ষিক গতিৰ কাৰণে) ফলত মাহ পৰিৱৰ্তিত হয় পূব ভাৰতত প্ৰচলিত বংগাব্দ আৰু ভাস্কৰাব্দ বৰ্ষগণনাৰ ক্ষেত্ৰত এতিয়াও এই প্ৰাচীন পদ্ধতিক অনুসৰণ কৰা হয়। শকাব্দত অঞ্চলভেদে বিভিন্ন সময়ত বৰ্ষাৰম্ভ হয়। যেনে উত্তৰ ভাৰতত নতুন বছৰৰ আৰম্ভণি চৈত্ৰ বা চ'ত মাহত হয় কিন্তু পূব ভাৰতত বৈশাখ বা বহাগ মাহত নৱবৰ্ষ আৰম্ভ হয়। ভাৰতীয় ইতিহাসৰ আধুনিক যুগেতেও অন্যান্য অব্দৰ সমান্তৰাল ভাৱে শকাব্দৰ ব্যৱহাৰ বহুলভাবে লক্ষ্য কৰা হয়। অসমত "ভাস্কৰাব্দ" নামৰ এটি বৰ্ষপঞ্জী প্ৰচলিত থাকিলেও শকাব্দয়ে বহুল বাবে প্ৰচলিত। সূৰ্যসিদ্ধান্তৰ প্ৰাচীন নিয়ম মানি অসমত ১ বহাগত (বৈশাখ) পালিত নৱবৰ্ষ উৎসৱ "বহাগ বিহু"ৰ পৰায়ে শকাব্দ গণনা কৰা হয়।

ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। শকাব্দ, বিক্ৰম সংবৎ আদিৰ লগত মিল থাকিলেও ভাৰতৰ বাঙালী সম্প্ৰদায়ৰ মাজত প্ৰচলিত আৰু বাংলাদেশৰ জাতীয় বৰ্ষপঞ্জী বংগাব্দৰ লগত ভাস্কৰাব্দৰ বিশেষ সাদৃশ্য আছে। প্ৰাচীন কামৰূপৰ বৰ্মণ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ অভিশেষৰ পৰা এই বছৰ গণনা হয়৷ খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা৷ অৰ্থাৎ খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বছৰ বিয়োগ কৰিলে চলিত ভাস্কৰাব্দটো পোৱা যায়।

স্কৰাব্দ পহিলা বহাগৰ আৰম্ভ হয়। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী মতে এপ্ৰিল মাহৰ মাজ ভাগত অৰ্থাৎ ১৫/১৬ এপ্ৰিলত বহাগ মাহ আৰম্ভ হয়। ভাস্কৰাব্দ অসমৰ প্ৰথম প্ৰচলিত বৰ্ষপঞ্জী।   পিছলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰপৰা শংকৰাব্দ নামেৰে আন এক বৰ্ষপঞ্জীৰ প্ৰচলন আৰম্ভ হয়।

অসমীয়া চন কিমান ?

  • ১৯৪৪ শকাব্দ।
  • ৫৭৩ শংকৰাব্দ।
  • ১৪২৬ সাল ( ভাস্কৰাব্দ ) 





































সংগ্ৰহ : বৰকটকী কোম্পানী কেলেণ্ডাৰ যোৰহাট

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !