সফল ব্যক্তি সকলৰ ৫ টা অভ্যাস জানক কি কি | Assamese Fact

0

আজি আমি এই আর্টিকেলটোত কথা পাতিম, সফল ব্যক্তি সকলৰ ৫ টা অভ্যাস যি অভ্যাস সমূহ যদি আপোনাৰ মাজতো থাকে তেনেহলে আপুনিও এদিন সফল হ'ব পাৰিব।


আপুনি জানেনে এজন সফল ব্যক্তি ৰাতি টোপনি যোৱাৰ আগত কি অভ্যাস সমূহ ফলো কৰে ?
যাৰ বাবে তেওঁলোক সফল হয়। সাধাৰণতে আমি টোপনি যোৱাৰ আগত মোবাই টিপো বা চিনেমা দেখো কিন্তু এজন সফল ব্যক্তি এই বোৰ নকৰে।
এজন সফল ব্যক্তি টোপনি যোৱাৰ আগত ৫ টা কাম কৰে, আৰু এই আর্টিকেলটোত সেই সমূহৰ বিষয়ে আলোচনা কৰিম।

১/ কিতাব পঢ়া।

এজন সফল ব্যক্তি টোপনি যোৱাৰ আগত নিয়মিত কিতাব পঢ়ে।
হ'ব পাৰে Business Related কিতাব বা সফল মানুহৰ Biography বা Career Related এই কিতাব সমূহ পঢ়া সফল মানুহৰ জীৱনৰ এটা অংশ, তেওঁলোকে এই কিতাব সমূহ পঢ়ি Positive Energy পায়।

বিলগেট নাম আমি সকলোয়ে জানো তেওঁ গোটেই জীৱন এই টেকনিক সমূহ ফলো কৰি আহিছে।
যদি আপুনিওঁ টোপনি যোৱাৰ আগত নিয়মিত কিতাব পঢ়ে তেনেহলে আপোনাৰ জীৱনওঁ সলনি হ'ব, বা আপুনিও সফল হ'ব পাৰিব।

২/ ডায়েৰি লিখা।

অধিকাংশ সফল ব্যক্তি টোপনি যোৱাৰ আগত নিয়মিত ডায়েৰি লেখে।
এই ডায়েৰিত তেওঁলোক তেওঁলোকৰ ভাল ভাল কথা বোৰ লিখি ৰাখে, গোটেই দিন কি কি কৰিলে সেই বোৰ লিখে, বা ভৱিস্যতে কি কি কৰিব সেই বোৰ লিখে।

ডায়েৰি লিখা অতি গুৰত্বপূর্ণ কাৰণ ডায়েৰি লিখিলে জানিব পাৰি আজি কি কি ভাল কাম কৰিলোঁ।
আৰু অহা কালিৰ বাবে আৰু কি কি কাম বাকি থাকিল, দিনত যি সময় পাইছিলো তাৰ সঠিক ব্যৱহাৰ হ'ল নে নাই। এই সমূহ এজন সফল মানুহে ডায়েৰিত লিখি ৰাখে।
আপুনি যদি আজি ডায়েৰি লিখি তেনেহলে হয়তো ভৱিস্যতে আপোনাৰ Biography মানুহে পঢ়িব।

৩/ অহা কালিৰ বাবে পৰিকল্পনা কৰা।

এটা গুণ সকলো সফল মানুহৰ মাজত পোৱা যায়, সেয়া হৈছে সময়ক মূল্য দিয়া।
সফল ব্যক্তি সকলে সময়ৰ আগত সকলো কাম সম্পূর্ণ কৰাৰ চেষ্টা কৰে, সেই বাবে তেওঁলোকে পিছদিনাৰ কামৰ প্ল্যান আগৰ দিনতেই কৰি ৰাখে, কাম বোৰক গুৰত্ব দি শেষ কৰে।
সেই বাবে তেওঁলোক শান্তিত টোপনি যাব পাৰে, সেই বাবে আপুনি আপোনাৰ প্ল্যান ৰাতি ৰেডি কৰি ৰাখক।

৪/ সফল হোৱা দেখিব লাগিব।

সফল মানুহবোৰে টোপনি যোৱাৰ আগত, তেওঁলোকে নিজৰ কামত সফল হোৱা দেখে।
Visualise কৰাৰ বাবে আমি যিবোৰ কাম কৰোঁ সেইটো সহজ হৈ যায়, Imagination বা কল্পনা শক্তিক ব্যৱহাৰ কৰি আমি মনৰ ভিতৰত Picture তৈৰী কৰোঁ, যি সমূহ আমি বাস্তৱত বিচাৰোঁ।
এইটো বহুত শক্তিশালী Technic যি প্রতিটো সফল ব্যক্তি  Use কৰে।

৫/ টোপনি।

সফল ব্যক্তি সকৰ এটা গুণ হ'ল তেওঁলোক সঠিক সময়ত টোপনি যায় আৰু সঠিক সময়ত টোপনিৰ উঠে। আপোনাৰ যদি সঠিক সময়ত টোপনি যায় আৰু সঠিক সময়ত টোপনিৰ পৰা উঠে তেনেহলে পিছদিনাৰ বাবে এটা Energy Source হিচাপে কাম কৰে।
যদি ৰাতি সঠিক ভাবে টোপনি নহয় তেনেহলে শৰীৰত ভাগৰ যেন লেগ আৰু কাম বোৰ কৰোতে অসুবিধা হয়।



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ সফল ব্যক্তি সকলৰ ৫ টা অভ্যাস জানি যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু এনেকুৱা ধৰণৰ পোষ্ট পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।
Tags

إرسال تعليق

0تعليقات
إرسال تعليق (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !