প্রেমৰ কবিতা | Love Poems & Poetry In Assamese

2
বন্ধু সকল আপোনালোকে প্রেমৰ কবিতা বা ভালপোৱাৰ কবিতা বিচাৰি আছে নেকি ? তেনেহলে আপুনি ঠিক জাঘাত আহিছে আজি আমি কেইটামান প্রেমৰ কবিতা লিখিম যি প্রেমৰ কবিতা আপোনালোকৰ ভাল লাগিব।


Love Poems In Assamese

ঐ শুনানা...
আজি তোমাক বহুত Miss কৰি আছো,
নাজানো কিয় তোমালে বহুত মনত পৰিছে আজি
মই তোমাক খং কৰো
কিছুমান কথাত বাধাও দিও
তোমাৰ লগত কথা নপতাকৈ থাকো
কিন্তু এটা কথা সঁচা যে তোমাৰ অবিহনে মই থাকিবও নোৱাৰো,

কাৰণ বহুত বাল পাওঁ তোমাক
তোমাক হেৰাই পেলোৱাৰ ভয়তে
মই তোমাক শাসন কৰিবলৈ লও,
এদিন তুমিয়ে কৈছিলা যে তুমি মোৰ হাতটো ধৰি থাকা
মই দুনিয়াখনৰ লগত যুজি যাম,

তোমাক মোৰ বুকুৰ মাজতে গোটেই জীৱন সুমুৱাই ৰাখিম।
কিন্তু তুমিয়ে আজি আতৰি গ'লা মোক মিছা প্রতিশ্ৰুতি দি
আচলতে তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলো
কাৰোবাক অতিমাত্রা আবেগিক হৈ
ভালপোৱাটো হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ অপৰাধ,
যিদিনা মোক বুজি পাবা সিদিনা নিজক ক্ষমা কৰিব নোৱাৰিবা।


প্রেমৰ কবিতা

ব্যকুল হৈয়ে ৰ'ল মোৰ হৃদয় 
মনত ৰচিত কবিতাসদৃশ প্ৰস্তাৱটি
ওচৰ পায়ো কণ্ঠস্বৰ নহ'ল

বৰষুণ ও জোনাকক সাক্ষী কৰি
হৃদয়ে চিঞৰে যি কোৱা নহ'ল
পাথৰ হৈ য'ত চকুপানী শুকাল

পাহৰিবলৈ কোনো দুস্বপ্ন নহয় (তুমি)
যৌৱনৰ আহ্বান জীৱনৰ শ্ৰেষ্ঠ হাবিয়াস
অযত্ন পৰাজয়বৰণ কৰি মৌনতাত উচুপি কান্দো

অপেক্ষা মাথো তোমাৰ মাতত
ডাৱৰ ফালি নিগৰা বৰষুণজাকলৈ
সুপ্ত হৈ ৰোৱা আশাই বাট চাই যাকলৈ।



বিচ্ছেদ অসমীয়া কবিতা

আজিও কিয় 
হ্ৰদয়ৰ পৰা মচিব পৰা নাই
তোমাৰ ছবি...
অৱচেতন মনত বিস্তাৰিত মলিন স্মৃতিবোৰ
আজি কিয় আহি সপোনত সাৰ পাই...
পাহৰিব খোজা বিষবোৰ
আকৌ উক্ দি 
কিয় অস্থিৰতা কঢ়িয়াই আনি
বর্তমানত খলকনি তোলে...

কাৰোবাৰ ভালপাবলৈ ধৰা 
অনুভৱ খিনিৰ দৰে ধুনীয়া আৰু
জীৱনত দ্বিতীয় একো নাথাকে,
সেই অনুভৱবোৰক
অতীতৰ ভুল বুলিব লগা হ'লে
কষ্ট হয় ভিতৰছোৱাত ক'ব নোৱাৰাকৈ...


  ব্যর্থ প্রেমৰ কবিতা

যদি কেতিয়াবা অজানিতে মোৰ
চাবলৈ মন যায় তোমাক প্লিজ না নক'বা
লাগিলে আৰু আগৰ দূৰত্ব বজাই ৰাখিবা,
কিন্তু মনে বিচাৰিলে
এবাৰ দেখা দদি যাবা !
বেছি পৰ নলগাও, অকমান সময়,
আৰু এটি কথা...
যিক্ষণ মোৰ স'তে কটাবা,
মোৰ হৈহে কটাবা...
য'ত নাথাকিব অতীতৰ হুমুনিয়হ
ভৱিষ্যতৰ নিৰাশা ভৰা ৰিক্ততা...

যদি কেতিয়াবা ভাগৰতে মোৰ
তোমালৈ বুলি হুমুনিয়াহ হৈ উৰে
অকণমান সহাৰি জীয়াই থাকিবলৈ
প্লিজ কি হৈছে তোমাৰ
খবৰো যদি লোৱ 
এখনন্তেক সময় উলিয়াই
মোবাইলৰ ৰিচিভাৰ ৰাখি
ওঠেৰে নিগৰাই স্নেহামৃত জগোৱা
দুটি শব্দ মহানুভূতিৰ
প্রাণ পাব মোৰ ভাগৰুৱা শৰীৰে
অৱসাদে আগুৰা নিসংগ মনটোৱে

ছায়া হৈ আছা ৰৈ
অনাদি অনন্তকাল হৃদয়ৰ সাগৰত
ৰামধেনু হৈ আঁকিছা মনৰ আকাশ
ইশ্বৰ হৈ থিতাপি লৈছা
প্ৰেম আৰু আন্তৰিকতাৰে ভৰা
জীৱনৰ এছোৱা সেউজীয়া হৈ
চাবলৈ, চুবলৈ বা মৰম বোলাবলৈ
স-শৰীৰে কাষত নাথাকিলেও
অনুভৱ কৰো জাগ্ৰত প্ৰতি ৰজনী
ছাঁয়া হৈ আছা, থাকিবা আগলৈও....

প্ৰথম দেখাতে ভাবিছিলো বহু কথা
যদি হ'লহেতেঁন আশাৰে ভৰপূৰ
প্ৰতিটো দিন প্ৰথম দিনৰ দৰে
তোমাক পোৱাৰ দুৰ্বাৰ হেঁপাহত
কটোৱা মোৰ যৌৱনৰ একলা প্ৰভাত
যদিও নহ'লা মোৰ, নিদিলে বিধাতাই
তেৱ মই জীয়াব এৰা নাই
তোমাৰ স'তে কটোৱা সুগন্ধি পলবোৰৰ স্মৃতিৰেই
কটাইছো আৰু কটাই যাম
জীৱনৰ শেষ নিশ্বাসলৈ 
মাত্ৰ এটি অন্তিম অনুৰোধ
হৃদয়ত অকণমাণ ঠাই
নিস্বাৰ্থে সজতনে ৰাখিবা মোলৈ...।
© fb  প্ৰেমৰ কবিতা




ভালপোৱাৰ কবিতা

নিচেই ওচৰৰ পৰা তোমাক চোৱাৰ
দুৰ্বাৰ হেঁপাহ এটি আছিল
থাকিয়েই গ'ল আশাৰ দৰে...

বাছৰ চিটত যিদিনা একলগ হ'লো
মুখ কি চকু ঘূৰায়ো 
এবাৰ ৰ' লাগি চোৱাৰ অৱকাশ নহ'ল তোমাক...
লাজ, শংকা নে অইন কিবা
আজিও জ্ঞাত নহ'লো,
মাথো গন্তব্য স্থান পোৱাত
চিটৰপৰা উঠি নামি যোৱাত
সেমেকা দুচকুৰে খিৰিকীৰে
চাই প্ৰথম দেখাৰ ইতি পেলালো !

তেতিয়াৰপৰাই 
যেতিয়াই সেইফালেৰে ভ্ৰমণ কৰো
তুমি বাছত উঠোতে
প্ৰথমবাৰ দেখা স্মৃতি সজীৱ হৈ উঠে
আৰু সেই চ'কটৌলৈ চকু পোনাও
জানোচা তুমি আহি 
মই উঠা বাছখন ধৰাহি...

তুমি হয়তো নাজানা,
তোমাক প্ৰথমবাৰ সাক্ষ্যাৎ কৰোতে
যিটো গীত মোৰ কাণত বাজি আছিল
সেইটো গীতেই মোৰবাবে
তোমাৰ স্মৃতিৰ একমাত্ৰ বাহক;
আজিও শুনো মনত পেলাবলৈ
যি হৈছিল যৈ হ'বলৈ ৰ'ল সকলো....

যদি নিয়তিৰ সুদৃষ্টি 
মোৰ জীৱনত কেতিয়াবা পৰে
তুমি মই চিটত একলগ হৈ বহি
কথাৰে ভালদৰে চিনাকী হওঁ...
এডাল হেডফোনতেই  দুয়োৰে কাণত
এপাতকৈ ঠিলা লগাই গীতটো শুনিম!
© fb  প্ৰেমৰ কবিতা




Assamese Love Shayari

আমাৰ দুয়োৰে নিশ্বাস হ'বলৈ দিয়া...
হৃদয়ৰ মন্থৰ ধ্বনিক উৰ্ধগামী হ'বলৈ দিয়া...
এয়া সময়ৰ আহ্বান,
ওচৰ চাপিবলৈ দিয়া!

তোমাৰ নীলাভ দুচকুৰ নিজৰাত
মোক ডুবিবলৈ দিয়া,
তোমাৰ যৌৱনা দুবাহুত মোক
গলি যাবলৈ দিয়া,
এয়া সময়ৰ আহ্বান,
ওচৰ চাপিবলৈ দিয়া....!

দুচকুৰ কাজলক বিয়পিবলৈ দিয়া,
দুচকুত স্বপ্নৰ পথিকক আগবাঢ়িবলৈ দিয়া...
ক্ষন্তেকৰ বাবে হ'লেও দেহাত্মাক জ্বলিবলৈ দিয়া,
লাজ-অভিমানবোৰক অলপ
ঠেহ পাতিবলৈ দিয়া...
এয়া সময়ৰ আহ্বান,
ওচৰ চাপিবলৈ দিয়া....!

দেহটো চুই দিয়া
কিন্তু এনেকৈ চুবা যেন
ই এক সংগীতৰ আলোড়ণ হয়,
তোমাৰ চুলিকোছাৰ আঁৰত এন্ধাৰ লুকালে,
চুলিকোছা মেলি দিয়া...
নিশাটো মুক্ত হওঁক;
তোমাৰ চাঁদৰৰ আঁচলখন
বুকুৰপৰা বাগৰিবলৈ দিয়া...
তোমাৰ দেহত বিয়পা ঘামৰ টোপালবোৰক
চুচৰি আহিবলৈ দিয়া,
এয়া সময়ৰ আহ্বান,
ওচৰ চাপিবলৈ দিয়া....!
© fb  প্ৰেমৰ কবিতা





 Assamese Love Poetry

তোমাৰ মতলীয়া সৌন্দৰ্যই
মোৰ প্ৰেমক উন্মত্ত কৰি তুলিছে!
সংকোচ হয়, 
আমি যাতে প্ৰেমত একো ভুল নকৰো....
কৈছো নহয়,
তোমাৰ সৌন্দৰ্য্য বৰ মনোমোহা!

নিশাটো বৰ ৰাগীয়াল,
পৰিৱেশটোও বৰ উত্তেজণাপূৰ্ণ,
আজি গোটেই পৃথিৱীখন নিচাত মগ্ন,
এই মতলীয়া পৰিৱেশে আমাক দিশহাৰা কৰিছে,
আমাৰ দুয়োৰে চকুদুহালৰ এনেদৰে মিলন হৈছে
যেন অশান্তিকৰ এজাক ধুমুহাইহে
ভূমুকি মাৰিছে!
ঢৌবোৰে আকৌ প্ৰেমসাগৰৰ পাৰত খুন্দিয়াইছে৷

সমাজে দুয়োৰে মাজত বাধা হানিছে,
দূৰতে থাকা...
ওচৰলৈ মুঠেও নাহিবা,
মই মোৰ চঞ্চল হৃদয়খনিক বুজাওনো কেনেকৈ!
কি কৰো এতিয়া....
তোমাৰ অপৰূপ সৌন্দৰ্যই
মোৰ হৃদয়ত প্ৰেমৰ অসংখ্য
উন্মাদনাৰ প্ৰৱেশ ঘটাইছে...।
© fb  প্ৰেমৰ কবিতা




Love Shayari SMS

যিদিনাই তোমাক নিজৰ কৰি পাম
কছম খালো মোৰ যৌৱনৰ
হৃদয় উজাৰি মৰম দিম

কবিবোৰে কবিতা লিখিব
গায়কবোৰে গীত লিখি গাব
চিত্ৰশিল্পীয়ে প্ৰেমৰ ন-ছবি আঁকিব
এই সব প্ৰেমিকৰ নামত গলগ্ৰহ
ইহঁতে প্ৰেমক ৰূপ দিবহে জানে
কোনোবাই শব্দত কোনোবাই ৰঙেৰে
মিলন সম্ভৱপৰ প্ৰেম কৰে কেনেকৈ
তাৰ বৈধ ধাৰণাই 
ইহঁতৰ মগজুই বহন নকৰে
বাদ্ দিয়া প্ৰেমিকৰ নামত
এই কামোৰবোৰৰ কথা

মোৰ তেজোদীপ্ত ৰৌদ্ৰজ্জ্বল যৌৱনৰ কছম
প্ৰতি মুহূৰ্ততে চুমাৰে দুওঁঠত
বৰ্ণিল অনুভৱ গুজি দিম
কাষ চাপিলেই বতাহ পাৰ নহ'ব
দুয়োৰে শূণ্য দূৰত্বৰ সান্নিধ্যৰে

নিচাসক্ত প্ৰেমিকে সুৰাত আসক্ত হয়
মই বিলীন হ'ম তোমাৰ 
টৌপাল টৌপাল বৈ অহা
যৌৱনৰ উষ্ম সুগন্ধৰ আৱেশত
গুলপীয়া পৰশৰে ভৰি পৰা
দুওঁঠত যেতিয়া প্ৰেমৰ পৰশ পৰিব
তেতিয়া জীপাল পৰিব 
অন্তৰ্নিহিত তোমাৰ যৌৱনৰ মনোবাঞ্ছা
তোমাৰ লাহি বলয়ৰ গলকুণ্ডৰপৰা
বৈ পৰা ভাগৰৰ ঘাম মই
ওঠেঁৰে চেলেকি নাইকিয়া কৰিম
মলিনতা শূণ্য গৌৰৱময়ী প্ৰেম আমাৰ
ইজনে-সিজনৰ ইন্দ্ৰিয় আসক্ত হয়ো
একাত্ম সংগত প্ৰেমৰ পৰিধি চেৰ পেলাইয়ো
ক'ব পাৰো বুকু দাঠি
আমি এজনে-আনজনৰ অবিহনে
এপলকো কটাবলৈ ৰাজী নোহোৱা
ভালপোৱাৰ কোনো কূট নৰখা
আধুনিক যুগৰ স্বাধীন যুটি
স্বীকাৰোক্তি নাই যোৱানিশা কি ঘটিল
সদৃশ বা তাতকৈও উৰ্দ্ধত ঘটাবলৈ
প্ৰতিৰজনী প্ৰস্তুত থকা প্ৰেমিকযুগল...।
© fb  প্ৰেমৰ কবিতা





Assamese Sad Shayari

যিদিনাই তোমাক নিজৰ কৰি পাম
কছম খালো মোৰ যৌৱনৰ
হৃদয় উজাৰি মৰম দিম

কবিবোৰে কবিতা লিখিব
গায়কবোৰে গীত লিখি গাব
চিত্ৰশিল্পীয়ে প্ৰেমৰ ন-ছবি আঁকিব
এই সব প্ৰেমিকৰ নামত গলগ্ৰহ
ইহঁতে প্ৰেমক ৰূপ দিবহে জানে
কোনোবাই শব্দত কোনোবাই ৰঙেৰে
মিলন সম্ভৱপৰ প্ৰেম কৰে কেনেকৈ
তাৰ বৈধ ধাৰণাই 
ইহঁতৰ মগজুই বহন নকৰে
বাদ্ দিয়া প্ৰেমিকৰ নামত
এই কামোৰবোৰৰ কথা

মোৰ তেজোদীপ্ত ৰৌদ্ৰজ্জ্বল যৌৱনৰ কছম
প্ৰতি মুহূৰ্ততে চুমাৰে দুওঁঠত
বৰ্ণিল অনুভৱ গুজি দিম
কাষ চাপিলেই বতাহ পাৰ নহ'ব
দুয়োৰে শূণ্য দূৰত্বৰ সান্নিধ্যৰে

নিচাসক্ত প্ৰেমিকে সুৰাত আসক্ত হয়
মই বিলীন হ'ম তোমাৰ 
টৌপাল টৌপাল বৈ অহা
যৌৱনৰ উষ্ম সুগন্ধৰ আৱেশত
গুলপীয়া পৰশৰে ভৰি পৰা
দুওঁঠত যেতিয়া প্ৰেমৰ পৰশ পৰিব
তেতিয়া জীপাল পৰিব 
অন্তৰ্নিহিত তোমাৰ যৌৱনৰ মনোবাঞ্ছা
তোমাৰ লাহি বলয়ৰ গলকুণ্ডৰপৰা
বৈ পৰা ভাগৰৰ ঘাম মই
ওঠেঁৰে চেলেকি নাইকিয়া কৰিম
মলিনতা শূণ্য গৌৰৱময়ী প্ৰেম আমাৰ
ইজনে-সিজনৰ ইন্দ্ৰিয় আসক্ত হয়ো
একাত্ম সংগত প্ৰেমৰ পৰিধি চেৰ পেলাইয়ো
ক'ব পাৰো বুকু দাঠি
আমি এজনে-আনজনৰ অবিহনে
এপলকো কটাবলৈ ৰাজী নোহোৱা
ভালপোৱাৰ কোনো কূট নৰখা
আধুনিক যুগৰ স্বাধীন যুটি
স্বীকাৰোক্তি নাই যোৱানিশা কি ঘটিল
সদৃশ বা তাতকৈও উৰ্দ্ধত ঘটাবলৈ
প্ৰতিৰজনী প্ৰস্তুত থকা প্ৰেমিকযুগল...।
© fb  প্ৰেমৰ কবিতা 




Assamese Love Shayari Lyrics

নামটো সুধিব ওলাইছিলো…
ঠিকনাটি ল'ব বিচাৰিছিলো…
পাৰিলে মোবাইল নম্বৰটিও…

নিচেই কাষৰতে বহি লৈছিল,
চলিত বাহনৰ কম্পনত মাজে মাজে
লাহি খুন্দাও গাতে লাগিছিল,
অধীৰ হৈ পৰিছিলো খন্তেকলৈ
মূৰ ঘূৰাই হেঁপাহ পলুৱাই চাবলৈ
দেখিও নেদেখাৰ ভাও জুৰা
মোৰ দূৰ্দান্ত প্ৰেমিক চকুহালেৰে

লগৰজনীও কম নাছিল !
তাই বহিবলৈ চিট নাপাই
আমি দুজনতে হাউলী থিয় দিছিল,
হাঁহিটো এইজনীৰ ব্যতিক্ৰম !
মোৰ গাতে লাগি থকাজনীয়ে
মাথো নিমাত হৈ ৰয়
আৰু চূটি চূটি হুমুনিয়াহ কাঢ়ে;
এবাৰলৈ ভাব হৈছিল দ্বিতীয়জনীয়ে বাৰু
আমি দুজনক বেচ্ মিলিছে বুলি
মনতে ভাবি এবাৰলৈ হাঁহিছিল নেকি ?

কল্পনা আৰু সিদ্ধান্তই যেন
মূৰত প্ৰতিযোগিতাহে পাঙিছিল…

মোবাইলটো মোৰ হাততে আছিল
বাজিছিল হেডফোনত সুমধূৰ প্ৰেমগীত

তাই গম নোপোৱাকৈ এখনি ফটো লোৱাৰ
হাবিয়াসে মোক বাৰুকৈয়ে আমুৱাইছিল,
কি ঠিক.. চিনাকী হৈ নল'লে
পিছলৈ বা আৰু দেখা হয় নে নাই !
অন্ততঃ ফটোখন চাই
মোৰ পচন্দৰে পোৱা সুন্দৰী চেহেৰাটিৰে
নিশাৰ কল্পনাৰ খোৰাক লভিম,
মাজে মাজে তাইৰ মাতটি শুনিবলৈ
গানৰ শব্দ শূণ্য কৰিও চাওঁ;
ৰূপৰ বৰ্ণনা শব্দৰে সম্ভৱ জানো…
জানিব বিচাৰিলে মোৰ চকুযুৰিক সোধা
মোতকৈ সিহঁতে ভালকৈ জনাব
কি মায়া আছিল তাইৰ
সৌন্দৰ্য্যৰ চাৰিওদিশে… 

পিছত আকৌ কেতিয়াবা লগপোৱাৰ ভাগ্য সুপ্ৰসন্ন হ'লে
মনৰ বতৰা চিধাই প্ৰকাশিম,
জানোচা আজিলৈ বিচাৰি ফুৰা
হেঁপাহৰ দশোদিশতো ঢুকি নোপোৱা
তাইয়েই মোৰ জীৱনসংগী হৈ ৰয়….!




Love Poems

মোৰ জীৱনত প্রেম হৈ বৰষা মুকুতা 
    যেন লগা প্রথম যাক বৰষুণ তুমি 
মোৰ হৃদয়ৰ মৰম বোৰ নিজৰা হৈ বৰষুণ যাকৰ
       লগত বৈ যায় তোমাৰেই ঠিকনা বিচাৰি। 

তোমাৰ মৌনতাই আজি যে মোক
      বাৰু কৈ য়ে.. আমনি কৰিছে, 
 আহিবানে  কেতিয়াবা মৌনতাৰ আন্ধাৰ আতৰাই
     মোৰ জীৱনত প্রভাতিৰ কিৰণ হবলৈ। 

এতিয়া যে, পুৱাৰ শালিকা জনীৰ 
   মাততো পাওঁ তোমাৰেই বাতৰি। 
    বসন্তৰ মলয়া যাকেও দি যায় তোমাৰেই সুবাস। 

কেতিয়াবা ভাবো,  তুমি বাত চাই ৰোৱা সেই
   বাটৰুৱা জন মই হোৱা হলে , 
     আৰু  তুমি দেখি ভাল পোৱা সেই সপোনটোত     
         আহিবলৈ বৰকৈ মন যায়, 
আৰু মন যায় এবাৰৰ বাবেও তোমাৰ সেই   
       মিছিকিয়া হাঁহি টোৰ কাৰণ টি মই হবলৈ। 

তুমি যদি সাতুৰিব জা'না তেনেহলে এ'বাৰ সাতুৰি     
   ছাবা মোৰ হৃদয়ৰ লুইত খনিত  , 
      য'ত তোমাৰ বাবে মৰম বোৰ 
        কেনেকৈ উঠলি আছে 
তাতে তোমাৰ হৰিণী ছাৱনিয়ে 
      ইয়াক আৰু চঞ্চল কৰি তোলে। 

এতিয়া  আছো কেৱল তোমাক লগ পোৱা সেই    
     ভাল লগা আবেলি টোৰ ম্সৃতিকে সোঁৱৰি 

সেই স্মৃতিকেই লৈ , ৰৈ আছো তোমাৰ অপেক্ষাত 
       এতিয়া যে তোমাৰ অপেক্ষাই 
          মোৰ জীবন আৰু 
            জীৱন মানেই তো .. ......তুমি ......... 
                  মাথো তুমি...................!!!!!!

        ✍️ পংকজ



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ প্রেমৰ কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু প্রেমৰ কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

2Comments
Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !