অসমীয়াত শিশু কবিতা | Children's poems

0

শিশু কবিতা


কবিতা নং- ১ শিৰোনামঃ

হাঁহি

হাঁহি থাকা হাঁহি থাকা,
হাঁ হাঁ হাঁ
হাঁহি থাকা প্রতিদিন,
বাহ্ বাহ্ বাহ্

হাঁহি হাঁহি পাঠ পঢ়া,
খেলা-ধূলা কৰা,
হাঁহি হাঁহি তুলিকাত
ৰং সানি লোৱা,
উকা উকা মনবোৰ
ৰঙেৰে বুলোৱা।

হাঁহি হাঁহি ঘূৰি ফুৰি
ধৰা জয় কৰা,
আপোন ঘৰখনিক
স্বর্গময় কৰা।

✍️ ভবেন্দ্র কুমাৰ দাস
গুৱাহাটী, ০৪/০৫/২০২১ 

শিশু কবিতা

কবিতা নং- ২ শিৰোনামঃ

বৰষুণ, যেতিয়া আহিবা

বৰষুণ,
যেতিয়া আহিবা,
ৰদালিকো লগতে আনিবা,
সাতৰংঙী ৰামধেনু আঁকি
দূৰৈৰ নীলিমা সজাবা।

বৰষুণ,
যেতিয়া আহিবা,
মৰম এবুকু লৈ আহিবা,
শুকান মোৰ মাটি দৰাত
এমুঠি সপোন সিঁচিবা।

বৰষুণ,
যেতিয়া আহিবা,
গুণগুণ গান গাই আহিবা,
গান নোগোৱা মোৰ মইনাজনীকো
গানৰ কলি এটি শিকাবা।

✍️ ভবেন্দ্র কুমাৰ দাস
গুৱাহাটী, ০৫/০৫/২০২১

শিশু কবিতা

কবিতা নং- ৩ শিৰোনামঃ

এজনী কণমানি ছোৱালীৰ কথা

স্কুল গৈছিলে অকণি এজনী
ক-মান শ্রেণীত পঢ়া,
বাট হেৰুৱাই হাবি পালেগৈ
আহোতে স্কুলৰ পৰা।

হাবিত পালে চৰাই-চিৰিকটি
গান গাই উৰি ফুৰা।

লগতে দেখিলে হৰিণ এজাক
ঘাঁহ খাই ঘূৰি ফুৰা।

দূৰত দেখিলে গড় দুটামান
আপোন মনেৰে থকা,
জান এটিত ম'হ কেইটামান
সাতুৰি-নাহুৰি থকা।

কাছও দেখিলে নৈ এখনত
গাত ৰ'দ লৈ থকা,
হাতী এটি দেখিলে তাৰ পাৰতে
শুৰেৰে পানী পি থকা।

ফৰেষ্টাৰে এনেতে তাইক পাই
উঠাই ল'লে জীপত,
গাৱলৈ গৈ চমজাই দিলে
দেউতাকৰ হাতত।

✍️ ভবেন্দ্র কুমাৰ দাস
গুৱাহাটী, ০৩/০৫/২০২১

শিশু কবিতা

কবিতা নং- ৪ শিৰোনামঃ

পপীয়া তৰা

ভাইটিয়ে দেখা পালে বাৰান্দাৰ পৰা
তৰা এটি সৰি পৰা আকাশৰ পৰা।

লগে লগে সোমাল সি বা'ৰ পঢ়া কোঠা,
পঢ়ি থকা বা'ক দিলে তৰাৰ বতৰা।

বা'ই ক'লে সেয়া নহয় আচলতে তৰা,
তৰাবোৰ বৰ ডাঙৰ ভাবিব নোৱাৰা।

দুৰৈত থকা বাবেহে সৰু যেন লাগে,
সিহঁতো নক্ষত্র আমাৰ বেলিটিৰ দৰে।

এটিয়া তুমি দেখা বস্তটোৰ কথা কওঁ শুনা,
সিহঁত মহাকাশত ভাহি থকা অতি ক্ষুদ্র কণা,
ভাহি ভাহি যেতিয়া কাষ পায় ধৰা,
প্রচুণ্ড বেগত আহি সাৱতেহি ধদৰা,
আহোতে বায়ুৰ ঘহনি খাই জুলি উঠি হয় যেন তৰা,
সেয়ে তৰা নহয় সিহঁতক বোলে পপীয়া 
  ✍️ ভবেন্দ্র কুমাৰ দাস
গুৱাহাটী, ১১/০৫/২০২১

শিশু কবিতা

কবিতা নং- ৫ শিৰোনামঃ

শৃংখল ভঙাৰ কবিতা

নীলিম আকাশত বিলীন
এজাক শৰালি।
তোমাৰ চকুৰ তিৰবিৰনিত
এজাক তৰালি।
ব'লা যাওঁ শৃংখল ভাঙি,
শিকলি চিঙি।

ব'লা যাওঁ চৰাইৰ দৰে
মুক্ত হৈ,
বতাহত হ্রদয় খোলোঁ
উন্মুক্ত হৈ,
গীত গাওঁ আশাৰ,
সপোনৰ,
সমাজৰ বাধা ভাঙা।

শুনিছানে বতাহত
মুক্তিৰ কবিতা ?
চৌদিশে
শৃংখল ভাঙাৰ কবিতা ?
অনুভৱ কৱোঁ ব'লা
সেই উন্মাদনা,
সমাজৰ নিয়ম ভাঙি।

✍️ ভবেন্দ্র কুমাৰ দাস
গুৱাহাটী, ০৩/০৪/২০২১

শিশু কবিতা

কবিতা নং- ৬ শিৰোনামঃ

মোৰো মন যায়

বা কিযে মজা---
আকাশত উৰিছে চোঁৱা
ৰঙা, নীলা হালধীয়া
ইম্মান যে চিলা---!
মন যায় জানা--
তাৰে এখনত উঠি
দুহাত মেলি উৰি যাম
চৰাইৰ দৰে
দূৰ আকাশলে বুলি ---!
 কোৱানা
পাৰিমনে চুব আকাশখন
জুনুকা কপায় তাত
নাচিব পাৰিমনে
জপিয়াই জপিয়াই
দুভৰিৰ লহৰত
ৰজনজন জনজন--।
আইটাই কৈছিল-
আকাশৰ কোলাতবহা
আছে বেলেগ মজা,
তাতেই সন্ধিয়া উলায়
জোন বেলি আৰু ৰহনীয়া তৰা।
টিউচন হোমৱৰ্ক
আৰ্ট গানৰ ঝামেলা
একোৱেই হেনো তাত নাই,
গধুৰ বেগটো লৈ
স্কুলো যাব নালাগে সদায়।
সচাই মজা ন?
জোন তৰা বেলিৰ সৈতে
খেলিম নানা খেলা,
সাতো ৰঙী ৰামধেনুৰে
পাতিম তাত মেলা,
আহাঁ আহাঁ কোন যাবা
মোৰ লগত
উৰুৱাবলে আকাশত
বৰ বৰ চিলা----?



ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ শিশু কবিতা যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক


অনুগ্রহ কৰি নোট কৰিব আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়, 
সেই বাবে আৰু শিশু কবিতা সমূহ পাবলৈ আমাৰ ৱেবচাইট www.AssameseStatus.com ৰ লগত থাকক ধন্যবাদ।

যদি আপোনালোকৰ কবিতা সমূহ আমাৰ Website ত প্রকাশ কৰি বিচাৰে তেনেহলে আমাক Email কৰিব পাৰে।

sofiqulalom898@gmail.com

বিঃদ্রিঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !